গুৱাহাটী, ১৪ নৱেম্বৰ: কাজিৰঙাৰ ৰঙাজানত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ২৬গৰাকী লোকৰ ভিতৰত বিহাৰৰ এজন ৩৮ বছৰীয়া লোকো আছে। নিহত লোকজন বিহাৰৰ মধুবনী জিলাৰ তুফানপুৰৰ বাসিন্দা মহম্মদ ৰফিক আলী। তেওঁৰ পিতৃৰ নাম ছামী আহমেদ।

গোলাঘাট জিলা প্ৰশাসনৰ তথ্য অনুসৰি, এতিয়ালৈকে ২৩গৰাকী নিহতৰ পৰিচয় নিশ্চিত কৰা হৈছে। প্ৰশাসনৰ হাতত ২৫টা মৃতদেহৰ তথ্য আহিছে। ইয়াৰ ভিতৰত ১৪গৰাকী মহিলা আৰু ১১গৰাকী পুৰুষ।

উন্নত চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা আহতসকলৰ ভিতৰত দুগৰাকীৰ পাছত মৃত্যু হয়। ফলত দুৰ্ঘটনাটোত নিহতৰ সংখ্যা ২৬লৈ বৃদ্ধি পায়। যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হোৱা এই দুগৰাকী আহতৰ ভিতৰত এগৰাকীৰ পৰিচয় এতিয়াও নিশ্চিত হোৱা নাই।

অতিৰিক্ত জিলা আয়ুক্ত জিন্তু বৰাই জনোৱা মতে, নিহতসকলৰ ভিতৰত নগাঁও জিলাৰ ৯গৰাকী আৰু কাৰ্বি আংলং জিলাৰ এগৰাকী লোক আছে।

শনিবাৰে পুৱা ৬ বজাৰ পৰা মৃতদেহসমূহৰ মৰণোত্তৰ পৰীক্ষা আৰম্ভ কৰাৰ ব্যৱস্থা কৰা হৈছিল। যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকৰ দলে একেলগে এই প্ৰক্ৰিয়া সম্পন্ন কৰাৰ ব্যৱস্থা কৰে। মৃতদেহসমূহ সন্মানসহকাৰে নিজ নিজ ঘৰলৈ লৈ যোৱাৰ বাবেও প্ৰশাসনে বাহনৰ ব্যৱস্থা কৰিছে।

ইফালে, দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়াললৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ সমবেদনা জ্ঞাপন কৰিছে। প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা প্ৰতিগৰাকী নিহতৰ নিকটাত্মীয়লৈ ২ লাখ টকাকৈ আৰু আহতসকললৈ ৫০ হাজাৰ টকাকৈ এককালীন সাহায্য ঘোষণা কৰা হৈছে।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ো দুৰ্ঘটনাটোক লৈ শোক প্ৰকাশ কৰিছে। শুকুৰবাৰে ৰঙাজানত যাত্ৰীবাহী ট্ৰেভেলাৰ আৰু কণ্টেইনাৰ ট্ৰাকৰ মাজত এই সংঘৰ্ষ সংঘটিত হৈছিল।