ছট্ পূজা উপলক্ষে ১৫ আৰু ১৬ নৱেম্বৰত গুৱাহাটীৰ কেইবাটাও পথত যান-বাহন চলাচল, পথ সলনি আৰু পাৰ্কিঙৰ বিশেষ নিৰ্দেশনা জাৰি কৰা হৈছে।
গুৱাহাটী, ১৪ নৱেম্বৰ: ছট্ পূজা উপলক্ষে যান-বাহন চলাচল সুচল কৰি ৰখা আৰু ভক্তসকলৰ যাতায়াতৰ সুবিধাৰ্থে গুৱাহাটী মহানগৰ যান-বাহন আৰক্ষীয়ে বিশেষ নিৰ্দেশনা জাৰি কৰিছে।
১৫ নৱেম্বৰৰ পুৱা ১১ বজাৰ পৰা ১৬ নৱেম্বৰৰ পুৱা ১১ বজালৈ মেঘদূত ৰোডত বাণিজ্যিক সামগ্ৰী কঢ়িওৱা বাহন আৰু লেহেমীয়া গতিৰ বাহনৰ চলাচল বন্ধ থাকিব।
খানাপাৰাৰ পৰা ভৰলুমুখ অভিমুখে অহা চিটী বাছ আৰু এ এছ টি চিৰ বাছসমূহ মঠঘৰীয়াৰ পৰা এ টি ৰোড হৈ পাণবজাৰ অভিমুখে যাব।
এ এছ টি চিৰ অধীনত চলাচল কৰা বাহন আৰু ভক্ত কঢ়িওৱা বাহনৰ বাহিৰে আন গধুৰ, মধ্যমীয়া আৰু ৰঙা ৰঙৰ পঞ্জীয়ন নম্বৰ থকা বাহনসমূহ জালুকবাৰীৰ পৰা ভৰলুমুখ অভিমুখে মহানগৰীত প্ৰৱেশ কৰিব নোৱাৰিব।
newznow.in