গুৱাহাটী, ১৪ নৱেম্বৰ: ছট্ পূজা উপলক্ষে যান-বাহন চলাচল সুচল কৰি ৰখা আৰু ভক্তসকলৰ যাতায়াতৰ সুবিধাৰ্থে গুৱাহাটী মহানগৰ যান-বাহন আৰক্ষীয়ে বিশেষ নিৰ্দেশনা জাৰি কৰিছে। ১৫ আৰু ১৬ নৱেম্বৰত মহানগৰীৰ কেইবাটাও পথত যান-বাহন চলাচলৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰু পথ সলনিৰ ব্যৱস্থা কৰা হৈছে।
১৫ নৱেম্বৰৰ পুৱা ১১ বজাৰ পৰা ১৬ নৱেম্বৰৰ পুৱা ১১ বজালৈ মেঘদূত ৰোডত বাণিজ্যিক সামগ্ৰী কঢ়িওৱা বাহন আৰু লেহেমীয়া গতিৰ বাহনৰ চলাচল বন্ধ থাকিব। হেণ্ডকাৰ্ট, ৰিক্সা আৰু পনি কাৰ্টো এই নিষেধাজ্ঞাৰ অন্তৰ্গত। অৱশ্যে ভক্তসকলৰ বাবে পূজাৰ সামগ্ৰী কঢ়িওৱা লেহেমীয়া গতিৰ বাহনসমূহক এই নিষেধাজ্ঞাৰ পৰা ৰেহাই দিয়া হৈছে। কিন্তু পূজাৰ সামগ্ৰী আৰু ভক্ত কঢ়িওৱা বাহনসমূহ একে সময়তে মেঘদূত ৰোডত চলাচল কৰিব নোৱাৰিব।
পথ সলনিৰ নিৰ্দেশনা
খানাপাৰাৰ পৰা ভৰলুমুখ অভিমুখে অহা চিটী বাছ আৰু এ এছ টি চিৰ বাছসমূহ মঠঘৰীয়াৰ পৰা এ টি ৰোড হৈ পাণবজাৰ অভিমুখে যাব। জালুকবাৰীৰ পৰা অহা বাছসমূহ মেঘদূত ৰোডত চলাচল কৰিব নোৱাৰিব।
এ এছ টি চিৰ অধীনত চলাচল কৰা বাহন আৰু ভক্ত কঢ়িওৱা বাহনৰ বাহিৰে আন গধুৰ, মধ্যমীয়া আৰু ৰঙা ৰঙৰ পঞ্জীয়ন নম্বৰ থকা বাহনসমূহ জালুকবাৰীৰ পৰা ভৰলুমুখ অভিমুখে মহানগৰীত প্ৰৱেশ কৰিব নোৱাৰিব। ভৰলুমুখৰ পৰা পাণবজাৰ আৰু চান্দমাৰী অভিমুখে যোৱা বাহনসমূহ মঠঘৰীয়াৰ পৰা এইচ বি ৰোড বা এ টি ৰোড হৈ যাব লাগিব।
চান্দমাৰীৰ পৰা পাণবজাৰ, ভৰলুমুখ আৰু জালুকবাৰী অভিমুখে যোৱা বাহনসমূহ এন এইচ-২৭, এইচ বি ৰোড আৰু প্ৰচিডেণ্ট ৰোড হৈ চলাচল কৰিব। উজানবজাৰ আৰু লতাশিলৰ পৰা ভৰলুমুখ অভিমুখে যোৱা লঘু বাহনসমূহ প্লেনেটেৰিয়াম পইণ্টৰ পৰা লামডিং ৰোড, এফ চি ৰোড আৰু তায়াবুল্লাহ ৰোড হৈ এন বি হলৰ দিশে যাব লাগিব।
পাৰ্কিঙৰ ব্যৱস্থা
ভৰলুমুখৰ পৰা পূজাৰ সামগ্ৰী আৰু ভক্ত কঢ়িওৱা বাহনসমূহ লাচিত ঘাট, লাখী ঘাট, চেম্বাৰ ৰোড, এম এছ ৰোড, এছ আৰ চি বি ৰোড আৰু এম জি ৰোডৰ মাৰ্কেট-চাইড ষ্ট্ৰীটত পাৰ্কিং কৰিব পাৰিব। সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰতো বাহন পাৰ্কিঙৰ ব্যৱস্থা কৰা হৈছে।
এম জি ৰোড, এম এল এন ৰোড, এ আৰ বি ৰোড, এছ এছ ৰোড, এছ আৰ চি বি ৰোড, এইচ বি ৰোড আৰু টিআৰপি ৰোডত পাৰ্কিং সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। টিআৰপি ৰোড, লাখী গলি, চেম্বাৰ ৰোড, এছ আৰ চি বি ৰোড আৰু কেদাৰ ৰোডত গধুৰ আৰু বাণিজ্যিক বাহন পাৰ্কিং কৰিব নোৱাৰিব।
ভৰলুমুখৰ পৰা পাণবজাৰ অভাৰব্ৰিজৰ দক্ষিণ অংশৰ নদীমুখী পথছোৱা ১৫ নৱেম্বৰৰ পুৱা ৭ বজাৰ পৰা ১৬ নৱেম্বৰৰ পুৱা ১১ বজালৈ বাহন চলাচলৰ বাবে সম্পূৰ্ণ মুকলি কৰি ৰাখিব লাগিব। গুৱাহাটী মহানগৰ আৰক্ষীৰ উপ-আৰক্ষী আয়ুক্ত (যান-বাহন)ৰ দ্বাৰা এই নিৰ্দেশনা জাৰি কৰা হৈছে। যান-বাহনৰ নিয়ম মানি আৰক্ষীক সহযোগিতা কৰিবলৈ মহানগৰবাসী আৰু ভক্তসকলক আহ্বান জনোৱা হৈছে।