আজি হৈছে ১৪ নৱেম্বৰ, দেশজুৰি উলাহ-মালহেৰে পালন কৰা হৈছে পৱিত্ৰ "শিশু দিৱস"।
ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে নগাঁও জিলাৰ জুৰীয়াৰ কেন্দ্ৰুগুৰীস্থিত 'টেলেন্ট একাডেমী চিনিয়ৰ চেকেণ্ডাৰী স্কুল'তো অতি উলহ-মালহেৰে পালন কৰা হয় শিশু দিৱস।
ৰাতিপুৱাই বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলৰ উপস্থিতিত এখনি আকৰ্ষণীয় সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়।
দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মজয়ন্তীৰ দিনটোতে প্ৰতিবছৰে এই দিনটো শিশুসকলৰ নামত উৎসৰ্গিত কৰা হয়।
ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বৰ্ণাঢ্য কাৰ্যসূচীৰে ছাত্ৰ-ছাত্ৰীসকলে এই দিনটো আনন্দ-উলাসেৰে উদযাপন কৰা দেখা যায়।
newznow.in