ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে নগাঁও জিলাৰ জুৰীয়াৰ কেন্দ্ৰুগুৰীস্থিত 'টেলেন্ট একাডেমী চিনিয়ৰ চেকেণ্ডাৰী স্কুল'তো অতি উলহ-মালহেৰে পালন কৰা হয় শিশু দিৱস।
ৰাতিপুৱাই বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলৰ উপস্থিতিত এখনি আকৰ্ষণীয় সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মজয়ন্তীৰ দিনটোতে প্ৰতিবছৰে এই দিনটো শিশুসকলৰ নামত উৎসৰ্গিত কৰা হয়। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বৰ্ণাঢ্য কাৰ্যসূচীৰে ছাত্ৰ-ছাত্ৰীসকলে এই দিনটো আনন্দ-উলাসেৰে উদযাপন কৰা দেখা যায়। মহাত্মা গান্ধী ,ড'এ পি জে আব্দুল কালাম, অসমৰ জনপ্ৰিয় গায়ক হৰ্টথ্ৰব জুবিন গাৰ্গ,ভগৱত সিং আৰু জয়মতীৰ প্ৰতিচ্ছবিৰে ছাত্ৰ ছাত্ৰীয়ে সাংস্কৃতিক শুৱ যাত্ৰাৰ বিশেষ দৃষ্টি আকৰ্ষণ কৰা দেখা গৈছে। শিক্ষাৰ অধিকাৰ, শিশুৰ সুৰক্ষা, শিশু শ্ৰমিক বন্ধ কৰা আৰু সমাজৰ অনিষ্টকাৰী বাল্য বিবাহ বন্ধ কৰাৰ বাবে সজাগতা সৃষ্টিৰ উদ্দেশ্যে ছাত্ৰ-ছাত্ৰীসকলে হাতে হাতে প্লেকাৰ্ড লৈ বিভিন্ন শ্লোগানেৰে মুখৰিত কৰি তোলে আকাশ-বতাহ।ৰাজপথত কণমাণিসকলৰ এই বৃহৎ ৰেলীয়ে স্থানীয় ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰাৰ লগতে সমাজলৈ এক সুন্দৰ বাৰ্তা প্ৰেৰণ কৰে।পণ্ডিত জৱাহৰলাল নেহৰুৰ আদৰ্শৰে উজ্জীৱিত হৈ ভৱিষ্যতৰ প্ৰজন্মই দেশৰ দায়িত্বশীল নাগৰিক হৈ উঠাৰ পণ লৈ জুৰীয়াৰ কেন্দ্ৰুগুৰীৰ টেলেন্ট একাডেমীত দিনজোৰা কাৰ্যসূচীৰে এই দিৱসখনি সাফল্যমণ্ডিত কৰি তোলাৰ প্ৰয়াস কৰে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী,শিক্ষক শিক্ষয়িত্ৰীৰ লগতে বিদ্যালয়ৰ সভাপতি নুৰ জামাল হকে।