গান্ধী পৰিয়ালক লৈ সামাজিক মাধ্যমত আপত্তিজনক মন্তব্য কৰাৰ অভিযোগত ছিমলাত বিজেপি সাংসদ কংগনা ৰাণাৱতৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে।
ছিমলা, ১৪ নৱেম্বৰ: কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী আৰু গান্ধী পৰিয়ালক লৈ সামাজিক মাধ্যমত বিতৰ্কিত মন্তব্য কৰাৰ অভিযোগত বিজেপি সাংসদ তথা অভিনেত্ৰী কংগনা ৰাণাৱতৰ বিৰুদ্ধে এজাহাৰ ৰুজু হৈছে।
অৱসৰপ্ৰাপ্ত কেপ্টেইন অতুল শৰ্মাৰ অভিযোগৰ ভিত্তিত ছিমলাৰ বালুগঞ্জ আৰক্ষী থানাত ভাৰতীয় ন্যায় সংহিতাৰ ১৯৬(১)(বি), ৩৫৩(২) আৰু ৩৫৬(২) ধাৰাত গোচৰটো ৰুজু কৰা হৈছে।
ছিমলাৰ আৰক্ষী অধীক্ষক গৌৰৱ সিঙে গোচৰ ৰুজু হোৱাৰ কথা নিশ্চিত কৰি তদন্ত আৰম্ভ কৰা বুলি জনাইছে।
অভিযোগকাৰী অতুল শৰ্মাৰ দাবী অনুসৰি, কংগনা ৰাণাৱতে যোৱা ১০ নৱেম্বৰত নিজৰ সত্যাপন কৰা এক্স একাউণ্টত গান্ধী পৰিয়ালক লৈ এক পুৰণি ভিডিঅ’ প্ৰকাশ কৰি আপত্তিজনক মন্তব্য কৰিছিল।
newznow.in