ছিমলা, ১৪ নৱেম্বৰ: কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী আৰু গান্ধী পৰিয়ালক লৈ সামাজিক মাধ্যমত বিতৰ্কিত মন্তব্য কৰাৰ অভিযোগত বিজেপি সাংসদ তথা অভিনেত্ৰী কংগনা ৰাণাৱতৰ বিৰুদ্ধে এজাহাৰ ৰুজু হৈছে।

অৱসৰপ্ৰাপ্ত কেপ্টেইন অতুল শৰ্মাৰ অভিযোগৰ ভিত্তিত ছিমলাৰ বালুগঞ্জ আৰক্ষী থানাত ভাৰতীয় ন্যায় সংহিতাৰ ১৯৬(১)(বি), ৩৫৩(২) আৰু ৩৫৬(২) ধাৰাত গোচৰটো ৰুজু কৰা হৈছে।

ছিমলাৰ আৰক্ষী অধীক্ষক গৌৰৱ সিঙে গোচৰ ৰুজু হোৱাৰ কথা নিশ্চিত কৰি তদন্ত আৰম্ভ কৰা বুলি জনাইছে।

অভিযোগকাৰী অতুল শৰ্মাৰ দাবী অনুসৰি, কংগনা ৰাণাৱতে যোৱা ১০ নৱেম্বৰত নিজৰ সত্যাপন কৰা এক্স একাউণ্টত গান্ধী পৰিয়ালক লৈ এক পুৰণি ভিডিঅ’ প্ৰকাশ কৰি আপত্তিজনক মন্তব্য কৰিছিল। পোষ্টটোত প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী, সঞ্জয় গান্ধী আৰু ৰাজীৱ গান্ধীৰ মৃত্যুক লৈ বিভ্ৰান্তিকৰ আৰু উচটনিমূলক ইংগিত দিয়া হৈছিল বুলি অভিযোগত উল্লেখ কৰা হৈছে।

অভিযোগ অনুসৰি, পোষ্টটোত ছোনিয়া গান্ধীক এগৰাকী ‘ৰহস্যময় বিদেশী নাগৰিক’ বুলি উল্লেখ কৰাৰ লগতে গান্ধী পৰিয়ালৰ সদস্যসকলৰ মৃত্যুৰ পিছত ছোনিয়া গান্ধীৰ ৰাজনৈতিক উত্থানক লৈ প্ৰশ্ন তোলা হৈছিল। সঞ্জয় গান্ধীৰ মৃত্যুৰ পিছত মানেকা গান্ধীক পৰিয়ালৰ বাসগৃহৰ পৰা বাহিৰ কৰি দিয়াৰ বিষয়টোও পোষ্টটোত উল্লেখ কৰা হৈছিল বুলি দাবী কৰা হৈছে।

অতুল শৰ্মাৰ মতে, মন্তব্যসমূহ কেৱল ৰাজনৈতিক সমালোচনাৰ পৰিসৰত সীমাবদ্ধ নহয়। ইয়াৰ জৰিয়তে সমাজত বিদ্বেষ সৃষ্টি, সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট আৰু ৰাজহুৱা শান্তি বিঘ্নিত হোৱাৰ আশংকা আছে বুলি তেওঁ অভিযোগ কৰিছে।

ভিডিঅ’টোত ইন্দিৰা গান্ধী, ছোনিয়া গান্ধী, মানেকা গান্ধী, ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীক একেলগে আহাৰ গ্ৰহণ কৰা দেখা গৈছিল। ছোনিয়া গান্ধীৰ আত্মজীৱনী ‘বিলঙিং: এ জাৰ্নি অৱ লাভ’ প্ৰকাশ পোৱাৰ দিনাই ভিডিঅ’টো সামাজিক মাধ্যমত পুনৰ চৰ্চালৈ আহিছিল। আৰক্ষীয়ে গোচৰটোৰ তদন্ত অব্যাহত ৰাখিছে।