অসম

ৰঙাজান দুৰ্ঘটনা: ট্ৰেভেলাৰ চালকৰ বিশেষ মৰণোত্তৰ পৰীক্ষাৰ নিৰ্দেশ

NewzNow · ১৪ নৱেম্বৰ ২০২৬

১ / ৫

ৰঙাজানৰ পথ দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ জানিবলৈ ট্ৰেভেলাৰ চালকজনৰ বিশেষ মৰণোত্তৰ পৰীক্ষাৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

২ / ৫

গুৱাহাটী, ১৪ নৱেম্বৰ: কাজিৰঙাৰ ৰঙাজানত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ উদ্ঘাটনৰ বাবে ট্ৰেভেলাৰখনৰ চালকজনৰ বিশেষ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত…

৩ / ৫

শনিবাৰে দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, চালকজনৰ ষ্ট্ৰোক হৈছিল নেকি অথবা তেওঁ সুৰাপান কৰি বাহন চলাইছিল নেকি, সেই দুয়োটা দিশ তদন্তৰ আওতালৈ অনা হৈছে।

৪ / ৫

তেওঁ কয়, দুৰ্ঘটনাৰ ভিডিঅ’ ফুটেজত ট্ৰেভেলাৰখন হঠাৎ দিশ সলনি কৰি কণ্টেইনাৰ ট্ৰাকখনৰ সন্মুখলৈ যোৱা দেখা গৈছে।

৫ / ৫

চালকজন কোনো আকস্মিক স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হৈছিল নেকি, সেয়া জানিবলৈ মৰণোত্তৰ পৰীক্ষা বিশেষ গুৰুত্বপূৰ্ণ হ’ব।

ৰঙাজান দুৰ্ঘটনা: ট্ৰেভেলাৰ চালকৰ বিশেষ মৰণোত্তৰ পৰীক্ষাৰ নিৰ্দেশ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক