গুৱাহাটী, ১৪ নৱেম্বৰ: কাজিৰঙাৰ ৰঙাজানত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ উদ্ঘাটনৰ বাবে ট্ৰেভেলাৰখনৰ চালকজনৰ বিশেষ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
শনিবাৰে দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, চালকজনৰ ষ্ট্ৰোক হৈছিল নেকি অথবা তেওঁ সুৰাপান কৰি বাহন চলাইছিল নেকি, সেই দুয়োটা দিশ তদন্তৰ আওতালৈ অনা হৈছে।
তেওঁ কয়, দুৰ্ঘটনাৰ ভিডিঅ’ ফুটেজত ট্ৰেভেলাৰখন হঠাৎ দিশ সলনি কৰি কণ্টেইনাৰ ট্ৰাকখনৰ সন্মুখলৈ যোৱা দেখা গৈছে। সেই সময়ত ট্ৰেভেলাৰখনৰ সন্মুখত আন কোনো বাহন থকা দেখা পোৱা নাই বুলিও তেওঁ উল্লেখ কৰে।
চালকজন কোনো আকস্মিক স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হৈছিল নেকি, সেয়া জানিবলৈ মৰণোত্তৰ পৰীক্ষা বিশেষ গুৰুত্বপূৰ্ণ হ’ব।
মুখ্যমন্ত্ৰীগৰাকীৰ মতে, তদন্তকাৰীসকলে মূলতঃ দুটা সম্ভাৱনা পৰীক্ষা কৰি আছে। প্ৰথমটো হৈছে চালকজনে সুৰাপান কৰিছিল নেকি আৰু দ্বিতীয়টো হৈছে তেওঁৰ ষ্ট্ৰোক হৈছিল নেকি।
তেওঁ লগতে কয় যে, ট্ৰেভেলাৰখনৰ চালকজনে নিয়মীয়াকৈ এই পথত বাহন চলাইছিল। সেয়েহে কাজিৰঙা অঞ্চলৰ যান-বাহনৰ নিয়ম আৰু গতিসীমাৰ বিষয়ে তেওঁ অৱগত থকাৰ কথা। এই পথছোৱাত ঘণ্টাত ৪০ কিলোমিটাৰ গতিবেগৰ সীমা নিৰ্ধাৰণ কৰা আছে।
অধিক উপাৰ্জনৰ স্বাৰ্থত বাহনৰ মালিকসকলে চালকসকলৰ ওপৰত অধিক গতিত বাহন চলোৱা আৰু অধিক যাত্ৰী কঢ়িওৱাৰ বাবে হেঁচা প্ৰয়োগ কৰাৰ অভিযোগক লৈও উদ্বেগ প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। এনে হেঁচাৰ ফলত যান-বাহনৰ নিয়ম উলংঘা হোৱাৰ সম্ভাৱনা থাকে বুলি তেওঁ কয়।
ৰাজ্যত শেহতীয়াকৈ পথ দুৰ্ঘটনা বৃদ্ধি পোৱা বিষয়টোতো উদ্বেগ প্ৰকাশ কৰি তেওঁ যান-বাহনৰ নিয়ম অধিক কঠোৰভাৱে বলৱৎ কৰাৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰে। দুৰ্ঘটনা ৰোধ কৰিবলৈ চৰকাৰে যান-বাহন নিয়ন্ত্ৰণ ব্যৱস্থা অধিক শক্তিশালী কৰিব লাগিব বুলিও তেওঁ মন্তব্য কৰে।
উল্লেখ্য যে, ৰঙাজানৰ এই দুৰ্ঘটনাত ২৬ গৰাকী লোকৰ মৃত্যু হৈছে। আহতসকল যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে। দুৰ্ঘটনাটোৰ প্ৰকৃত কাৰণ নিৰ্ধাৰণৰ বাবে আৰক্ষী আৰু চিকিৎসা বিশেষজ্ঞৰ তদন্ত অব্যাহত আছে।