ৰঙাজানত ট্ৰেভেলাৰ আৰু কণ্টেইনাৰ ট্ৰাকৰ সংঘৰ্ষত বামুণবাৰী চাহ বাগিচাৰ জয়ন্তী ৰবিদাস আৰু তেওঁৰ হ'বলগীয়া বৌৱেক সুজাতা তাঁতীৰ মৃত্যু হয়।
গুৱাহাটী, ১৪ নৱেম্বৰ: কাজিৰঙাৰ ৰঙাজানত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত ডিব্ৰুগড় জিলাৰ টিংখাং বিধানসভা সমষ্টিৰ বামুণবাৰী চাহ বাগিচাৰ বাসিন্দা জয়ন্তী ৰবিদাস আৰু তেওঁৰ হ'বলগীয়া বৌৱেক সুজাতা তাঁতীৰ…
জয়ন্তী কিশোৰ ৰবিদাসৰ একমাত্ৰ কন্যা আছিল।
আগন্তুক ফেব্ৰুৱাৰী মাহত জয়ন্তীৰ জ্যেষ্ঠ ভাতৃৰ সৈতে সুজাতা তাঁতীৰ বিবাহৰ দিন ঠিক হৈছিল।
দুৰ্ঘটনাৰ ফলত যিখন ঘৰলৈ কিছুদিন পিছতে বোৱাৰী হিচাপে অহাৰ কথা আছিল সুজাতাৰ, সেই ঘৰখনতে এতিয়া বিয়াৰ আনন্দৰ পৰিৱৰ্তে শোকৰ পৰিৱেশ বিৰাজ কৰিছে।
newznow.in