গুৱাহাটী, ১৪ নৱেম্বৰ: কাজিৰঙাৰ ৰঙাজানত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত ডিব্ৰুগড় জিলাৰ টিংখাং বিধানসভা সমষ্টিৰ বামুণবাৰী চাহ বাগিচাৰ বাসিন্দা জয়ন্তী ৰবিদাস আৰু তেওঁৰ হ'বলগীয়া বৌৱেক সুজাতা তাঁতীৰ মৃত্যু হৈছে।
জয়ন্তী কিশোৰ ৰবিদাসৰ একমাত্ৰ কন্যা আছিল। ‘ঝুম’ইৰ বিনন্দিনী’ অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁ নিজৰ প্ৰতিভাৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল।
আগন্তুক ফেব্ৰুৱাৰী মাহত জয়ন্তীৰ জ্যেষ্ঠ ভাতৃৰ সৈতে সুজাতা তাঁতীৰ বিবাহৰ দিন ঠিক হৈছিল। হ'বলগীয়া বৌৱেক সুজাতাৰ সৈতে ফুৰিবলৈ ওলাই আহিছিল জয়ন্তী। ট্ৰেভেলাৰখনত দুয়ো একেলগে যাত্ৰা কৰি আছিল।
দুৰ্ঘটনাৰ ফলত যিখন ঘৰলৈ কিছুদিন পিছতে বোৱাৰী হিচাপে অহাৰ কথা আছিল সুজাতাৰ, সেই ঘৰখনতে এতিয়া বিয়াৰ আনন্দৰ পৰিৱৰ্তে শোকৰ পৰিৱেশ বিৰাজ কৰিছে। কন্যাক হেৰুৱাই শোকত ভাগি পৰিছে পিতৃ কিশোৰ ৰবিদাসসহ পৰিয়ালৰ লোকসকল।
শুকুৰবাৰে যোৰহাটৰ পৰা নগাঁও অভিমুখে গৈ থকা এখন যাত্ৰীবাহী ট্ৰেভেলাৰ আৰু বিপৰীত দিশৰ পৰা অহা এখন কণ্টেইনাৰ ট্ৰাকৰ মাজত ৰঙাজানত মুখামুখি সংঘৰ্ষ হৈছিল। দুৰ্ঘটনাগ্ৰস্ত ট্ৰেভেলাৰখনৰ পঞ্জীয়ন নম্বৰ আছিল এ এছ ০২ এ চি ৬৬৯০।
এই দুৰ্ঘটনাত মুঠ ২৬গৰাকী লোকৰ মৃত্যু হয়। একেটা পৰিয়ালৰ হ'বলগীয়া বৌৱেক আৰু ননদৰ মৃত্যুত অঞ্চলটোত গভীৰ শোকৰ সৃষ্টি হৈছে।