২০১৮ চনৰ বল বিকৃতি কাণ্ডৰ তদন্তৰ সময়ত মিচেল ষ্টাৰ্ক, নাথান লায়ন আৰু জশ হেজলউডৰ সাক্ষাৎকাৰ লোৱা হোৱা নাছিল বুলি অভিযোগ তুলিছে ডেভিড ৱাৰ্নাৰে।
ছিডনী, ১৪ নৱেম্বৰ: ২০১৮ চনৰ কেপ টাউন বল বিকৃতি কাণ্ডৰ তদন্তক লৈ ক্ৰিকেট অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে দেশখনৰ প্ৰাক্তন অপেনাৰ ডেভিড ৱাৰ্নাৰে।
১৪ নৱেম্বৰত ইনষ্টাগ্ৰামত দিয়া এটা পোষ্টত ৱাৰ্নাৰে কয় যে, তেওঁৰ জানিব পৰা মতে ২০১৮ চনৰ তদন্তৰ সময়ত ক্ৰিকেট অষ্ট্ৰেলিয়াই উক্ত তিনিগৰাকী বলাৰৰ বক্তব্য গ্ৰহণ কৰা নাছিল।
ৱাৰ্নাৰৰ অভিযোগ, তদন্তৰ আৰম্ভণিৰ পৰাই কাক দোষী সাব্যস্ত কৰা হ’ব সেয়া নিৰ্ধাৰণ কৰি লোৱা হৈছিল।
উছমান খোৱাজাৰ আত্মজীৱনী ‘ছাবৰ’ প্ৰকাশৰ পাছতে ২০১৮ চনৰ এই বিতৰ্ক পুনৰ চৰ্চালৈ আহিছে।
newznow.in