ছিডনী, ১৪ নৱেম্বৰ: ২০১৮ চনৰ কেপ টাউন বল বিকৃতি কাণ্ডৰ তদন্তক লৈ ক্ৰিকেট অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে দেশখনৰ প্ৰাক্তন অপেনাৰ ডেভিড ৱাৰ্নাৰে। তদন্তৰ সময়ত মিচেল ষ্টাৰ্ক, নাথান লায়ন আৰু জশ হেজলউডৰ সাক্ষাৎকাৰ লোৱা হোৱা নাছিল বুলি দাবী কৰি ৱাৰ্নাৰে তদন্তৰ নিৰপেক্ষতাক লৈ প্ৰশ্ন তুলিছে।
১৪ নৱেম্বৰত ইনষ্টাগ্ৰামত দিয়া এটা পোষ্টত ৱাৰ্নাৰে কয় যে, তেওঁৰ জানিব পৰা মতে ২০১৮ চনৰ তদন্তৰ সময়ত ক্ৰিকেট অষ্ট্ৰেলিয়াই উক্ত তিনিগৰাকী বলাৰৰ বক্তব্য গ্ৰহণ কৰা নাছিল। যদি সেয়া সঁচা হয়, তেন্তে বলাৰসকলে ঘটনাটোৰ বিষয়ে একো জনা নাছিল বুলি সংস্থাটোৱে কেনেকৈ সিদ্ধান্তত উপনীত হ’ল, সেই প্ৰশ্ন উত্থাপন কৰে তেওঁ।
ৱাৰ্নাৰৰ অভিযোগ, তদন্তৰ আৰম্ভণিৰ পৰাই কাক দোষী সাব্যস্ত কৰা হ’ব সেয়া নিৰ্ধাৰণ কৰি লোৱা হৈছিল। তেওঁ তদন্তৰ পদ্ধতিক ‘নিম্নমানৰ’ বুলি অভিহিত কৰি কয় যে, বলাৰসকল ঘটনাটোৰ বিষয়ে একোৱেই নাজানিছিল বুলি এটা নিৰ্দিষ্ট বৰ্ণনা বজাই ৰখাৰ চেষ্টা চলিছে।
উছমান খোৱাজাৰ আত্মজীৱনী ‘ছাবৰ’ প্ৰকাশৰ পাছতে ২০১৮ চনৰ এই বিতৰ্ক পুনৰ চৰ্চালৈ আহিছে। খোৱাজাই কিতাপখনত দাবী কৰিছে যে, দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ সময়ত সংঘটিত বল বিকৃতিৰ পৰিকল্পনাৰ বিষয়ে অষ্ট্ৰেলিয়াৰ সমগ্ৰ দলটো অৱগত আছিল।
খোৱাজাৰ এই দাবীক ৱাৰ্নাৰে সমৰ্থন জনোৱাৰ বিপৰীতে বৰ্তমানৰ টেষ্ট অধিনায়ক পেট কামিন্সে ইয়াক সম্পূৰ্ণৰূপে নাকচ কৰিছে। শুকুৰবাৰে কামিন্সে খোৱাজাৰ দাবীক ‘এশ শতাংশ ভুল’ বুলি অভিহিত কৰে।
উল্লেখ্য যে, ২০১৮ চনৰ তদন্তত তেতিয়াৰ অধিনায়ক ষ্টিভ স্মিথ, উপ-অধিনায়ক ডেভিড ৱাৰ্নাৰ আৰু কেমেৰন বেংক্ৰফ্টহে বল বিকৃতিৰ পৰিকল্পনাৰ বিষয়ে জানিছিল বুলি ক্ৰিকেট অষ্ট্ৰেলিয়াই সিদ্ধান্ত দিছিল। ইয়াৰ পাছতে তিনিওজনকে দক্ষিণ আফ্ৰিকাৰ পৰা উভতাই পঠিওৱা হৈছিল। ৱাৰ্নাৰক এবছৰৰ বাবে নিষিদ্ধ কৰা হৈছিল।
২০২১ চনত মিচেল ষ্টাৰ্ক, জশ হেজলউড, নাথান লায়ন আৰু পেট কামিন্সে ৰাজহুৱাভাৱে পৰিকল্পনাটোৰ বিষয়ে পূৰ্বৰে পৰা অৱগত নাছিল বুলি কৈছিল। শেহতীয়াকৈ ষ্টাৰ্কেও খেলপথাৰত কি কৰা হৈছিল সেই বিষয়ে তেওঁলোক অৱগত নাছিল বুলি মন্তব্য কৰিছে। অৱশ্যে হেজলউড আৰু লায়নে এই নতুন বিতৰ্ক সন্দৰ্ভত এতিয়ালৈকে কোনো মন্তব্য কৰা নাই।
ইফালে, ৱাৰ্নাৰৰ অভিযোগৰ প্ৰতিক্ৰিয়াত ক্ৰিকেট অষ্ট্ৰেলিয়াই তদন্ত পুনৰ আৰম্ভ নকৰাৰ সিদ্ধান্তৰ কথা জনাইছে। সংস্থাটোৱে প্ৰকাশ কৰা বিবৃতিত কয় যে, প্ৰাথমিক তদন্তৰ সময়ত সকলো খেলুৱৈকে নিজৰ বক্তব্য দাঙি ধৰাৰ সুযোগ দিয়া হৈছিল। তদুপৰি বিগত আঠ বছৰত নতুন প্ৰমাণ দাখিল কৰাৰো সুযোগ আছিল।
কিন্তু ক্ৰিকেট অষ্ট্ৰেলিয়াৰ বিবৃতিত ষ্টাৰ্ক, হেজলউড আৰু লায়নক তদন্তৰ সময়ত পৃথকে সাক্ষাৎকাৰ লোৱা হৈছিল নে নাই, সেই বিষয়ে স্পষ্টকৈ উল্লেখ কৰা হোৱা নাই। এই বিষয়টোক লৈয়ে ৱাৰ্নাৰে পুনৰ প্ৰশ্ন উত্থাপন কৰিছে।