তেলেংগানাত গিগ কৰ্মীসকলৰ বাবে ১০ লাখ টকালৈ স্বাস্থ্য বীমা আৰু ৫ লাখ টকালৈ দুৰ্ঘটনা বীমাসহ নতুন সামাজিক সুৰক্ষা আঁচনিৰ শুভাৰম্ভ।
হায়দৰাবাদ, ১৪ নৱেম্বৰ: অনলাইন সামগ্ৰী যোগান ধৰা কৰ্মীকে ধৰি গিগ কৰ্মীসকলৰ সামাজিক আৰু আৰ্থিক সুৰক্ষা নিশ্চিত কৰাৰ লক্ষ্যৰে তেলেংগানা চৰকাৰে নতুন আঁচনি ঘোষণা কৰিছে।
আঁচনিখনৰ অধীনত গিগ কৰ্মীসকলে দুৰ্ঘটনাৰ ক্ষেত্ৰত সৰ্বাধিক ৫ লাখ টকাৰ বীমা আৰু অসুস্থতাৰ চিকিৎসাৰ বাবে সৰ্বাধিক ১০ লাখ টকাৰ স্বাস্থ্য বীমা লাভ কৰিব।
অনুষ্ঠানত তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডী আৰু উপ-মুখ্যমন্ত্ৰী ভট্টি বিক্ৰমাৰ্কাও উপস্থিত থাকে।
নতুন আঁচনিৰ অধীনত প্ৰতিখন চহৰত স্থাপন হ’বলগীয়া বিশ্ৰাম কেন্দ্ৰসমূহত কৰ্মীসকলে নিজৰ বাইক বা স্কুটাৰ ৰখাৰ লগতে বহি জিৰণি ল’ব পাৰিব।
newznow.in