হায়দৰাবাদ, ১৪ নৱেম্বৰ: অনলাইন সামগ্ৰী যোগান ধৰা কৰ্মীকে ধৰি গিগ কৰ্মীসকলৰ সামাজিক আৰু আৰ্থিক সুৰক্ষা নিশ্চিত কৰাৰ লক্ষ্যৰে তেলেংগানা চৰকাৰে নতুন আঁচনি ঘোষণা কৰিছে। কংগ্ৰেছ নেতা তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে হায়দৰাবাদত ‘তেলেংগানা গিগ ৱৰ্কাৰ্ছ ছ’চিয়েল ছিকিউৰিটি এণ্ড ৱেলফেয়াৰ স্কীম’ৰ শুভাৰম্ভ কৰে।

আঁচনিখনৰ অধীনত গিগ কৰ্মীসকলে দুৰ্ঘটনাৰ ক্ষেত্ৰত সৰ্বাধিক ৫ লাখ টকাৰ বীমা আৰু অসুস্থতাৰ চিকিৎসাৰ বাবে সৰ্বাধিক ১০ লাখ টকাৰ স্বাস্থ্য বীমা লাভ কৰিব। ইয়াৰ উপৰি ৰাজ্যখনৰ প্ৰতিখন চহৰত গিগ কৰ্মীসকলৰ বাবে ৱাই-ফাইযুক্ত বিশ্ৰাম কেন্দ্ৰ স্থাপন কৰা হ’ব।

অনুষ্ঠানত তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডী আৰু উপ-মুখ্যমন্ত্ৰী ভট্টি বিক্ৰমাৰ্কাও উপস্থিত থাকে। আঁচনিখনৰ জৰিয়তে দিনটোৰ অধিকাংশ সময় পথত কটোৱা ডেলিভাৰী কৰ্মীসকলৰ কৰ্মক্ষেত্ৰৰ অসুবিধা আৰু আৰ্থিক অনিশ্চয়তা হ্ৰাস কৰাৰ লক্ষ্য লোৱা হৈছে।

তীব্ৰ ৰ’দ, বৰষুণ অথবা পথ দুৰ্ঘটনাৰ আশংকাৰ মাজতো ডেলিভাৰী কৰ্মীসকলে কাম কৰি থাকিবলগীয়া হয়। অসুস্থতা বা দুৰ্ঘটনাৰ ফলত কাম বন্ধ হ’লে তেওঁলোকৰ উপাৰ্জনো বন্ধ হৈ পৰে। এনে পৰিস্থিতিত চিকিৎসাৰ খৰচ বহন কৰাটো তেওঁলোকৰ বাবে কঠিন হৈ পৰে বুলি ৰাহুল গান্ধীয়ে কয়।

নতুন আঁচনিৰ অধীনত প্ৰতিখন চহৰত স্থাপন হ’বলগীয়া বিশ্ৰাম কেন্দ্ৰসমূহত কৰ্মীসকলে নিজৰ বাইক বা স্কুটাৰ ৰখাৰ লগতে বহি জিৰণি ল’ব পাৰিব। প্ৰয়োজন অনুসৰি কিছু সময় শোৱাৰ ব্যৱস্থাও থাকিব। ৱাই-ফাইৰ সুবিধাই তেওঁলোকক কামৰ সৈতে জড়িত প্ৰয়োজনীয়তা পূৰণতো সহায় কৰিব।

ৰাহুল গান্ধীয়ে কয় যে, এতিয়াৰে পৰা গিগ কৰ্মীসকলে নিজৰ ম’বাইল ফোনতে কিমান যাত্ৰা সম্পূৰ্ণ কৰিলে, কিমান কাম কৰিলে আৰু তাৰ বিনিময়ত কিমান ধন লাভ কৰিলে, সেই সম্পূৰ্ণ তথ্য চাব পাৰিব। ইয়াৰ ফলত নিজৰ উপাৰ্জনৰ হিচাপৰ বাবে আনৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া নহ’ব।

অনুষ্ঠানৰ পূৰ্বে ৰাহুল গান্ধীয়ে গিগ কৰ্মীসকলৰ সৈতে এখন বাইক ৰেলীত অংশগ্ৰহণ কৰে। হায়দৰাবাদৰ শিলপাৰামমৰ পৰা জয়ভেৰী গ্ৰাউণ্ডলৈ উলিওৱা এই ৰেলীত মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীও উপস্থিত আছিল। ৰেলীৰ সময়ত ৰাহুল গান্ধীক এগৰাকী ডেলিভাৰী কৰ্মীৰ স্কুটীৰ পিছৰ আসনত বহি যাত্ৰা কৰা দেখা যায়।

অনুষ্ঠানত ভাষণ দি ৰাহুল গান্ধীয়ে বিজেপি-আৰএছএছৰ কৰ্মনীতিৰ সমালোচনা কৰে। তেওঁৰ অভিযোগ, বিজেপি-আৰএছএছৰ চিন্তাধাৰাই গিগ কৰ্মীসকলক ২৪ ঘণ্টা কাম কৰিবলৈ বাধ্য কৰা আৰু তেওঁলোকৰ শ্ৰমৰ লাভ বৃহৎ কোম্পানীসমূহে উপভোগ কৰাৰ পৰিৱেশ সৃষ্টি কৰিব বিচাৰে। আনহাতে, কংগ্ৰেছে শ্ৰমিকসকলক কেৱল কৰ্মচাৰী হিচাপে নহয়, অৰ্থনৈতিক ব্যৱস্থাৰ অংশীদাৰ হিচাপে গঢ়ি তুলিব বিচাৰে বুলি তেওঁ মন্তব্য কৰে।