কামৰূপ গ্ৰাম্যৰ ছয়গাঁৱত গীৰ্জা লণ্ডভণ্ড কৰাৰ অভিযোগত তিনিজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
গুৱাহাটী, ১৪ নৱেম্বৰ: কামৰূপ গ্ৰাম্য জিলাৰ ছয়গাঁও অঞ্চলত এখন গীৰ্জা লণ্ডভণ্ড কৰাৰ অভিযোগত তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
কামৰূপ গ্ৰাম্য জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক সুভাষিছ বৰুৱাই জনোৱা মতে, বৃহস্পতিবাৰে নিশা ছয়গাঁও আৰক্ষী থানাৰ অন্তৰ্গত বৰথুলি গাৰোপাৰা অঞ্চলত গীৰ্জা লণ্ডভণ্ডৰ খবৰ লাভ কৰে আৰক্ষীয়ে।
গ্ৰেপ্তাৰ হোৱা লোককেইজন হৈছে বৰঘুলিৰ ৫৮ বছৰীয়া মাথামাৰ মাৰাক, ৬২ বছৰীয়া লিম্বাৰ্থ চাংমা আৰু সুশেন্দ্ৰ মাৰাক।
আৰক্ষীয়ে ছয়গাঁও আৰক্ষী থানাত ভাৰতীয় ন্যায় সংহিতাৰ কেইবাটাও ধাৰাত গোচৰ ৰুজু কৰিছে।
newznow.in