গুৱাহাটী, ১৪ নৱেম্বৰ: কামৰূপ গ্ৰাম্য জিলাৰ ছয়গাঁও অঞ্চলত এখন গীৰ্জা লণ্ডভণ্ড কৰাৰ অভিযোগত তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। প্ৰাথমিক তদন্তত ঘটনাটো একেটা জনজাতি আৰু ধৰ্মীয় সম্প্ৰদায়ৰ দুটা স্থানীয় গোটৰ মাজৰ সংঘাতৰ পৰিণতি বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।

কামৰূপ গ্ৰাম্য জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক সুভাষিছ বৰুৱাই জনোৱা মতে, বৃহস্পতিবাৰে নিশা ছয়গাঁও আৰক্ষী থানাৰ অন্তৰ্গত বৰথুলি গাৰোপাৰা অঞ্চলত গীৰ্জা লণ্ডভণ্ডৰ খবৰ লাভ কৰে আৰক্ষীয়ে। ঘটনাস্থলীৰ পৰা কেইবাজনো লোকক আটক কৰাৰ পাছত শুকুৰবাৰে তিনিজনক গ্ৰেপ্তাৰ কৰা হয়।

গ্ৰেপ্তাৰ হোৱা লোককেইজন হৈছে বৰঘুলিৰ ৫৮ বছৰীয়া মাথামাৰ মাৰাক, ৬২ বছৰীয়া লিম্বাৰ্থ চাংমা আৰু সুশেন্দ্ৰ মাৰাক।

আৰক্ষীয়ে ছয়গাঁও আৰক্ষী থানাত ভাৰতীয় ন্যায় সংহিতাৰ কেইবাটাও ধাৰাত গোচৰ ৰুজু কৰিছে। ইয়াৰ ভিতৰত অপৰাধমূলক অনধিকাৰ প্ৰৱেশ, বিভিন্ন গোটৰ মাজত শত্ৰুতা বৃদ্ধি, ধৰ্মীয় অনুভূতিত আঘাত কৰাৰ উদ্দেশ্যে উপাসনাস্থলী ক্ষতিসাধন, সম্পত্তিৰ ক্ষতিসাধন আৰু চুৰিৰ সৈতে জড়িত ধাৰা আছে।

গ্ৰেপ্তাৰ হোৱা আটাইকেইজন লোক খ্ৰীষ্টান ধৰ্মাৱলম্বী আৰু একেটা জনজাতিৰ। সংঘাতত জড়িত দুয়োটা গোটৰে লোক অসমৰ বাসিন্দা।

আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে, ঘটনাটোৰ সৈতে অসম-মেঘালয় সীমান্তৰ কোনো আন্তঃৰাজ্যিক সংঘাত বা ধৰ্মীয়-ভাষিক বিবাদ জড়িত নহয়। সীমান্তৰ সিপাৰৰ পৰা হোৱা আক্ৰমণৰ সম্ভাৱনাও আৰক্ষীয়ে নাকচ কৰিছে।

গীৰ্জা লণ্ডভণ্ডৰ খবৰ বিয়পি পৰাৰ পাছতে অঞ্চলটোত উত্তেজনাৰ সৃষ্টি হৈছিল। প্ৰাৰম্ভিকভাৱে ঘটনাটোক অসম-মেঘালয় সীমান্ত বিবাদৰ সৈতে সংযোগ কৰি চৰ্চা চলিছিল। দক্ষিণ কামৰূপৰ উকিয়াম, বৰথুলি, তালিমাৰা আৰু দীঘলবিল অঞ্চলত দীৰ্ঘদিন ধৰি সীমা বিবাদক কেন্দ্ৰ কৰি উত্তেজনা চলি আহিছে।

শুকুৰবাৰে দুপৰীয়াৰ ভিতৰত অঞ্চলটোৰ পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনা হয় বুলি আৰক্ষীয়ে জানিবলৈ দিছে।