কংগ্ৰেছ বিধায়ক ভূষণ বাৰাৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপন কৰা নাবালিকাগৰাকীক হেঁচা দিয়াৰ অভিযোগত দুজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে।
ছিমডেগা, ১৪ নৱেম্বৰ: ঝাৰখণ্ডৰ কংগ্ৰেছ বিধায়ক ভূষণ বাৰাৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপন কৰা ১৫ বছৰীয়া কিশোৰীগৰাকীক অপহৰণ কৰি বিধায়কজনৰ বিৰুদ্ধে ‘মিছা’ বক্তব্য দিবলৈ হেঁচা প্ৰয়োগ কৰাৰ…
আৰক্ষীৰ তথ্য অনুসৰি, কিশোৰীগৰাকীৰ ককাকে ১৩ নৱেম্বৰত ছিমডেগা জিলাৰ পাত্ৰতাণ্ড আৰক্ষী থানাত অভিযোগ দাখিল কৰে।
ছিমডেগাৰ আৰক্ষী অধীক্ষক শ্ৰীকান্ত এছ খোট্ৰেই জনোৱা মতে, অভিযুক্ত দুজনৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতা আৰু পকছ’ আইনৰ বিভিন্ন ধাৰাত গোচৰ ৰুজু কৰা হৈছে।
ইফালে, কিশোৰীগৰাকীয়ে অভিযোগ কৰা অনুসৰি, চলিত বৰ্ষৰ মে’ মাহত বিধায়কজনৰ পৰিয়ালে তেওঁক পঢ়াশুনাৰ ব্যৱস্থা কৰি দিয়াৰ প্ৰতিশ্ৰুতিৰে ৰাঁচীলৈ লৈ গৈছিল।
newznow.in