ছিমডেগা, ১৪ নৱেম্বৰ: ঝাৰখণ্ডৰ কংগ্ৰেছ বিধায়ক ভূষণ বাৰাৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপন কৰা ১৫ বছৰীয়া কিশোৰীগৰাকীক অপহৰণ কৰি বিধায়কজনৰ বিৰুদ্ধে ‘মিছা’ বক্তব্য দিবলৈ হেঁচা প্ৰয়োগ কৰাৰ অভিযোগত দুজন লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে।

আৰক্ষীৰ তথ্য অনুসৰি, কিশোৰীগৰাকীৰ ককাকে ১৩ নৱেম্বৰত ছিমডেগা জিলাৰ পাত্ৰতাণ্ড আৰক্ষী থানাত অভিযোগ দাখিল কৰে। অভিযোগ অনুসৰি, তিনিদিন পূৰ্বে দুজন লোকে কিশোৰীগৰাকীক অপহৰণ কৰি বিধায়ক ভূষণ বাৰাৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপন কৰিবলৈ হেঁচা প্ৰয়োগ কৰিছিল।

ছিমডেগাৰ আৰক্ষী অধীক্ষক শ্ৰীকান্ত এছ খোট্ৰেই জনোৱা মতে, অভিযুক্ত দুজনৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতা আৰু পকছ’ আইনৰ বিভিন্ন ধাৰাত গোচৰ ৰুজু কৰা হৈছে। অভিযুক্ত দুজনৰ ভিতৰত এজন ইউটিউব চেনেলৰ লগত জড়িত বিষয়বস্তু নিৰ্মাতা বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

ইফালে, কিশোৰীগৰাকীয়ে অভিযোগ কৰা অনুসৰি, চলিত বৰ্ষৰ মে’ মাহত বিধায়কজনৰ পৰিয়ালে তেওঁক পঢ়াশুনাৰ ব্যৱস্থা কৰি দিয়াৰ প্ৰতিশ্ৰুতিৰে ৰাঁচীলৈ লৈ গৈছিল। কিন্তু বিদ্যালয়ত নামভৰ্তি কৰোৱাৰ পৰিৱৰ্তে বিধায়কজনৰ চৰকাৰী বাসভৱনত ঘৰুৱা কামত নিয়োগ কৰা হৈছিল বুলি তেওঁ দাবী কৰে।

কিশোৰীগৰাকীৰ অভিযোগ অনুসৰি, ৫ আগষ্টত বিধায়কজনৰ বাসভৱনত তেওঁক ধৰ্ষণ কৰা হৈছিল। ইয়াৰ পাছত তেওঁ গৰ্ভৱতী হৈছিল আৰু চিকিৎসা পৰীক্ষাৰ সময়ত গৰ্ভপাত হোৱা বুলি জানিব পাৰিছিল বুলিও তেওঁ দাবী কৰে।

এই অভিযোগৰ ভিত্তিত ৰাঁচীৰ ধুৰৱা আৰক্ষী থানাত বিধায়ক ভূষণ বাৰাৰ বিৰুদ্ধে পকছ’ আইন আৰু কিশোৰ ন্যায় আইনৰ অধীনত এজাহাৰ দাখিল কৰা হৈছে।

দুবাৰৰ বিধায়ক ভূষণ বাৰাই অৱশ্যে তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ অস্বীকাৰ কৰিছে। অভিযোগসমূহক ‘সম্পূৰ্ণ মিছা আৰু বিভ্ৰান্তিকৰ’ বুলি অভিহিত কৰি কংগ্ৰেছৰ পৰা বহিষ্কৃত একাংশ লোকে এই গোচৰ ৰচনা কৰা বুলি তেওঁ দাবী কৰে। তদন্তৰ পাছত সকলো কথা স্পষ্ট হ’ব বুলিও তেওঁ মন্তব্য কৰে। আৰক্ষীয়ে ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে।