কোকৰাঝাৰত ১৪ৰ পৰা ২১ নৱেম্বৰলৈ সুজিত নাৰ্জাৰী সোঁৱৰণী সদৌ অসম অনূৰ্ধ্ব-১৩ আন্তঃজিলা ফুটবল চেম্পিয়নশ্বিপ অনুষ্ঠিত হ'ব।
কোকৰাঝাৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু অসম ফুটবল সন্থাৰ সহযোগত সুজিত নাৰ্জাৰী সোঁৱৰণী সদৌ অসম অনূৰ্ধ্ব-১৩ আন্তঃজিলা ফুটবল চেম্পিয়নশ্বিপ ১৪ নৱেম্বৰৰ পৰা আৰম্ভ হ'ব।
অসমৰ বিভিন্ন জিলাৰ ১৩ বছৰ বয়সৰ তলৰ পুৰুষ ফুটবল দলসমূহে প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিব।
বানাৰগাঁৱৰ জাইখলং এথলেটিক ক্লাবৰ মিনি ষ্টেডিয়াম খেলপথাৰ আৰু খাগ্ৰাবাৰীৰ ডিহুং স্প’ৰ্টছ ক্লাবৰ খেলপথাৰত খেলসমূহ অনুষ্ঠিত হ'ব।
প্ৰতিদিনে পুৱা ৭.৩০ বজাৰ পৰা ৯ বজালৈ, ৯.৩০ বজাৰ পৰা ১১ বজালৈ, বিয়লি ১ বজাৰ পৰা ২.৩০ বজালৈ আৰু ২.৪৫ বজাৰ পৰা ৪.১৫ বজালৈ চাৰিখনকৈ খেল অনুষ্ঠিত হ'ব।
newznow.in