কোকৰাঝাৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু অসম ফুটবল সন্থাৰ সহযোগত সুজিত নাৰ্জাৰী সোঁৱৰণী সদৌ অসম অনূৰ্ধ্ব-১৩ আন্তঃজিলা ফুটবল চেম্পিয়নশ্বিপ ১৪ নৱেম্বৰৰ পৰা আৰম্ভ হ'ব। প্ৰতিযোগিতাখন ২১ নৱেম্বৰলৈ চলিব।

অসমৰ বিভিন্ন জিলাৰ ১৩ বছৰ বয়সৰ তলৰ পুৰুষ ফুটবল দলসমূহে প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিব।

বানাৰগাঁৱৰ জাইখলং এথলেটিক ক্লাবৰ মিনি ষ্টেডিয়াম খেলপথাৰ আৰু খাগ্ৰাবাৰীৰ ডিহুং স্প’ৰ্টছ ক্লাবৰ খেলপথাৰত খেলসমূহ অনুষ্ঠিত হ'ব।

প্ৰতিদিনে পুৱা ৭.৩০ বজাৰ পৰা ৯ বজালৈ, ৯.৩০ বজাৰ পৰা ১১ বজালৈ, বিয়লি ১ বজাৰ পৰা ২.৩০ বজালৈ আৰু ২.৪৫ বজাৰ পৰা ৪.১৫ বজালৈ চাৰিখনকৈ খেল অনুষ্ঠিত হ'ব।

কনিষ্ঠ ফুটবল খেলুৱৈসকলৰ প্ৰতিভা বিকাশৰ লগতে ৰাজ্যৰ বিভিন্ন জিলাৰ মাজত ক্ৰীড়া-সম্পৰ্কীয় সম্প্ৰীতি আৰু ভাতৃত্ববোধ গঢ়ি তোলাৰ ক্ষেত্ৰত প্ৰতিযোগিতাখনে বিশেষ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে।