হায়দৰাবাদত ৰাহুল গান্ধীয়ে অভিযোগ কৰে যে ২০২৪ৰ নিৰ্বাচনত ভোটদান কৰা ১৪ কোটি লোকক পৰৱৰ্তী সময়ত অস্তিত্বহীন ভোটাৰ অথবা ভোট নিদিয়া লোক হিচাপে গণ্য কৰা হৈছে।
হায়দৰাবাদ, ১৪ নৱেম্বৰ: ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বৈধতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে কংগ্ৰেছ নেতা তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে।
শনিবাৰে হায়দৰাবাদত অনুষ্ঠিত ‘ভাৰত সন্মিলন’ত ভাষণ দি তেওঁ নিৰ্বাচন আয়োগৰ বিৰুদ্ধে অভিযোগ কৰে যে ২০২৪ৰ নিৰ্বাচনত ভোটদান কৰা ১৪ কোটি লোকক পৰৱৰ্তী সময়ত ‘অস্তিত্বহীন ভোটাৰ’ অথবা ‘ভোট নিদিয়া…
ৰাহুল গান্ধীৰ দাবী অনুসৰি, এই সংখ্যা দেশৰ মুঠ ভোটাৰৰ প্ৰায় ১৩ শতাংশ।
তেওঁ অভিযোগ কৰে যে ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ পৰাই দেশৰ নিৰ্বাচনী ব্যৱস্থাত পৰিৱৰ্তন আৰম্ভ হৈছিল।
newznow.in