হায়দৰাবাদ, ১৪ নৱেম্বৰ: ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বৈধতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে কংগ্ৰেছ নেতা তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে।

শনিবাৰে হায়দৰাবাদত অনুষ্ঠিত ‘ভাৰত সন্মিলন’ত ভাষণ দি তেওঁ নিৰ্বাচন আয়োগৰ বিৰুদ্ধে অভিযোগ কৰে যে ২০২৪ৰ নিৰ্বাচনত ভোটদান কৰা ১৪ কোটি লোকক পৰৱৰ্তী সময়ত ‘অস্তিত্বহীন ভোটাৰ’ অথবা ‘ভোট নিদিয়া লোক’ হিচাপে গণ্য কৰা হৈছে।

নিৰ্বাচন আয়োগে যদি ১৪ কোটি ভোটাৰক অবৈধ অথবা ভোট নিদিয়া লোক বুলি ঘোষণা কৰিছে, তেন্তে ২০২৪ৰ নিৰ্বাচন কেনেকৈ বৈধ হ’ব পাৰে?

ৰাহুল গান্ধীৰ দাবী অনুসৰি, এই সংখ্যা দেশৰ মুঠ ভোটাৰৰ প্ৰায় ১৩ শতাংশ।

তেওঁ অভিযোগ কৰে যে ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ পৰাই দেশৰ নিৰ্বাচনী ব্যৱস্থাত পৰিৱৰ্তন আৰম্ভ হৈছিল। ৰাজনৈতিক ব্যৱস্থাত বিপুল পৰিমাণৰ ধন প্ৰৱেশ কৰাৰ ফলত নিৰ্বাচনী পৰিৱেশ সলনি হৈছে বুলিও তেওঁ মন্তব্য কৰে।

বিজেপি আৰু বৃহৎ ব্যৱসায়িক গোষ্ঠীৰ মাজত সম্পৰ্ক থকাৰ অভিযোগ উত্থাপন কৰি ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু উদ্যোগপতি গৌতম আদানিৰ সম্পৰ্কক লৈও সমালোচনা কৰে। বিজেপিৰ সম্পত্তি দহ বছৰত ১১ গুণ বৃদ্ধি পাইছে বুলিও তেওঁ দাবী কৰে।