হায়দৰাবাদত কংগ্ৰেছৰ সন্মিলনত ইটালীয় নেতা জিয়াকোমো ফিলিবেকৰ শ্লোগানক লৈ বিজেপি আৰু বিআৰএছে কংগ্ৰেছক সমালোচনা কৰিছে।
হায়দৰাবাদ, ১৫ নৱেম্বৰ: কংগ্ৰেছে আয়োজন কৰা ‘ভাৰত সন্মিলন ২০২৬’ত ইটালীয় নেতা তথা ইউৰোপীয় ছ’চিয়েলিষ্ট পাৰ্টিৰ মহাসচিব জিয়াকোমো ফিলিবেকে ‘ভোট চোৰ, গাদী এৰক’ বুলি শ্লোগান দিয়াক লৈ বিতৰ্কৰ…
তেলেংগানাৰ ৰাজধানী হায়দৰাবাদত অনুষ্ঠিত সন্মিলনখনত ভাষণ দি ফিলিবেকে ভাৰতৰ ভোটাৰ তালিকাৰ বিশেষ সংশোধনীক লৈ চলি থকা বিতৰ্কৰ প্ৰসংগ উত্থাপন কৰে।
তেওঁ ৰাহুল গান্ধীৰ প্ৰশংসা কৰি কয় যে, ভোটাৰ তালিকা স্বচ্ছ কৰা আৰু ‘এজন ব্যক্তি, এটা ভোট’ৰ গণতান্ত্ৰিক অধিকাৰ ৰক্ষাৰ বাবে ৰাহুল গান্ধীয়ে সংগ্ৰাম কৰি আছে।
ভাষণত ফিলিবেকে দুসপ্তাহ পূৰ্বে দিল্লীৰ ৰামলীলা ময়দানত বিৰোধী দলসমূহে উলিওৱা সমদলৰ কথাও উল্লেখ কৰে।
newznow.in