হায়দৰাবাদ, ১৫ নৱেম্বৰ: কংগ্ৰেছে আয়োজন কৰা ‘ভাৰত সন্মিলন ২০২৬’ত ইটালীয় নেতা তথা ইউৰোপীয় ছ’চিয়েলিষ্ট পাৰ্টিৰ মহাসচিব জিয়াকোমো ফিলিবেকে ‘ভোট চোৰ, গাদী এৰক’ বুলি শ্লোগান দিয়াক লৈ বিতৰ্কৰ সৃষ্টি হৈছে। লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ উপস্থিতিত দিয়া এই শ্লোগানক লৈ বিজেপি আৰু ভাৰত ৰাষ্ট্ৰ সমিতিয়ে কংগ্ৰেছক সমালোচনা কৰিছে।
তেলেংগানাৰ ৰাজধানী হায়দৰাবাদত অনুষ্ঠিত সন্মিলনখনত ভাষণ দি ফিলিবেকে ভাৰতৰ ভোটাৰ তালিকাৰ বিশেষ সংশোধনীক লৈ চলি থকা বিতৰ্কৰ প্ৰসংগ উত্থাপন কৰে।
তেওঁ ৰাহুল গান্ধীৰ প্ৰশংসা কৰি কয় যে, ভোটাৰ তালিকা স্বচ্ছ কৰা আৰু ‘এজন ব্যক্তি, এটা ভোট’ৰ গণতান্ত্ৰিক অধিকাৰ ৰক্ষাৰ বাবে ৰাহুল গান্ধীয়ে সংগ্ৰাম কৰি আছে।
ভাষণত ফিলিবেকে দুসপ্তাহ পূৰ্বে দিল্লীৰ ৰামলীলা ময়দানত বিৰোধী দলসমূহে উলিওৱা সমদলৰ কথাও উল্লেখ কৰে। তাৰ পাছতে তেওঁ ‘ভোট চোৰ, গাদী এৰক’ বুলি শ্লোগান দিয়ে। সেই সময়ত ৰাহুল গান্ধীকে ধৰি কংগ্ৰেছৰ কেইবাগৰাকীও শীৰ্ষ নেতা মঞ্চত উপস্থিত আছিল।
এই ঘটনাক লৈ তেলেংগানা বিজেপিৰ সভাপতি এন ৰামচন্দৰ ৰাৱে সামাজিক মাধ্যমত কংগ্ৰেছক সমালোচনা কৰে। তেওঁ প্ৰশ্ন উত্থাপন কৰে যে, বিদেশী নেতাক ভাৰতৰ গণতন্ত্ৰক উপহাস কৰিবলৈ দিয়া আৰু তেওঁৰ বক্তব্যত হাতচাপৰি বজোৱাটো দেশদ্ৰোহ নহয়নে?
আনহাতে, বিআৰএছৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ পেনেলিষ্ট কাৰ্তিক ইন্দ্ৰ ৰেড্ডী পট্লোলাইও ভাৰতৰ আভ্যন্তৰীণ ৰাজনৈতিক বিষয়ত বিদেশী নেতাৰ মন্তব্যক লৈ প্ৰশ্ন উত্থাপন কৰে।