পশ্চিম কাৰ্বি আংলঙৰ হামৰেণত এগৰাকী নাবালিকাৰ ওপৰত প্ৰায় দুবছৰ ধৰি যৌন নিৰ্যাতন চলোৱাৰ অভিযোগক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।
হামৰেণ: পশ্চিম কাৰ্বি আংলঙৰ সদৰ চহৰ হামৰেণত এগৰাকী নাবালিকাৰ ওপৰত দীৰ্ঘদিন ধৰি যৌন নিৰ্যাতন চলোৱাৰ এক গুৰুতৰ অভিযোগ পোহৰলৈ আহিছে।
জানিব পৰা মতে, কিশোৰীগৰাকী অষ্টম শ্ৰেণীত অধ্যয়ন কৰি থকাৰ সময়ৰে পৰাই নিৰ্যাতনৰ বলি হৈ আহিছিল।
কিশোৰীগৰাকীৰ এগৰাকী আত্মীয়ই শেহতীয়াকৈ বিষয়টো ৰাজহুৱাভাৱে প্ৰকাশ কৰাৰ পাছতে ঘটনাটো পোহৰলৈ আহে।
স্থানীয় ৰাইজ আৰু বিভিন্ন দল-সংগঠনে ঘটনাটোৰ নিৰপেক্ষ তদন্তৰ দাবী জনাইছে।
newznow.in