হামৰেণ: পশ্চিম কাৰ্বি আংলঙৰ সদৰ চহৰ হামৰেণত এগৰাকী নাবালিকাৰ ওপৰত দীৰ্ঘদিন ধৰি যৌন নিৰ্যাতন চলোৱাৰ এক গুৰুতৰ অভিযোগ পোহৰলৈ আহিছে। অভিযোগ অনুসৰি, এজন লোকে প্ৰায় দুবছৰ ধৰি কিশোৰীগৰাকীক নিৰ্যাতন চলাই আহিছিল।

জানিব পৰা মতে, কিশোৰীগৰাকী অষ্টম শ্ৰেণীত অধ্যয়ন কৰি থকাৰ সময়ৰে পৰাই নিৰ্যাতনৰ বলি হৈ আহিছিল। আৰ্থিকভাৱে অতি দুৰ্বল পৰিয়ালটোৰ আৰ্থিক দুৰৱস্থা আৰু অসহায় অৱস্থাৰ সুযোগ লৈ অভিযুক্তই এই নিৰ্যাতন চলাইছিল বুলি অভিযোগ উঠিছে।

কিশোৰীগৰাকীৰ এগৰাকী আত্মীয়ই শেহতীয়াকৈ বিষয়টো ৰাজহুৱাভাৱে প্ৰকাশ কৰাৰ পাছতে ঘটনাটো পোহৰলৈ আহে। স্কুলীয়া ছাত্ৰীগৰাকীৰ ওপৰত প্ৰায় দুবছৰ ধৰি এনে নিৰ্যাতন চলাৰ অভিযোগে জিলাখনত তীব্ৰ চাঞ্চল্য আৰু ক্ষোভৰ সৃষ্টি কৰিছে।

স্থানীয় ৰাইজ আৰু বিভিন্ন দল-সংগঠনে ঘটনাটোৰ নিৰপেক্ষ তদন্তৰ দাবী জনাইছে। লগতে অভিযুক্তক শীঘ্ৰে কৰায়ত্ত কৰি দোষ প্ৰমাণিত হ'লে আইন অনুসৰি কঠোৰ ব্যৱস্থা গ্ৰহণ, নাবালিকাগৰাকীৰ সুৰক্ষা আৰু ন্যায় নিশ্চিত কৰাৰ দাবী উত্থাপন কৰিছে।