মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে ড০ ভূপেন হাজৰিকাক আগতেই অপমান কৰিছিল বুলি অভিযোগ কৰিছে।
সোমবাৰে মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে মানুহক অপমান কৰাটো তেওঁৰ বাবে নতুন কথা নহয় বুলি মন্তব্য কৰি ড০ ভূপেন হাজৰিকাকো খাৰ্গেই আগতে অপমান কৰিছিল বুলি অভিযোগ কৰে।
মুখ্যমন্ত্ৰীৰ অভিযোগ, অসমত চেমিকণ্ডাক্টৰ উদ্যোগ অহাৰ সময়ত খাৰ্গেৰ পুত্ৰই অসমীয়া মানুহৰ বিৰুদ্ধে সমালোচনা কৰিছিল।
নৰেন্দ্ৰ মোদীক নহয়, তেওঁৰ মৃত দেউতাকক লৈও খাৰ্গেই সমালোচনা কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে দাবী কৰে।
কংগ্ৰেছৰ স্খলনৰ মূল কাৰণ দলটোৰ ভাৰতীয় সভ্যতা, সংস্কৃতি, আচাৰ-ব্যৱহাৰৰ পৰা আঁতৰি যোৱা বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে।
newznow.in