সোমবাৰে মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে মানুহক অপমান কৰাটো তেওঁৰ বাবে নতুন কথা নহয় বুলি মন্তব্য কৰি ড০ ভূপেন হাজৰিকাকো খাৰ্গেই আগতে অপমান কৰিছিল বুলি অভিযোগ কৰে।

মুখ্যমন্ত্ৰীৰ অভিযোগ, অসমত চেমিকণ্ডাক্টৰ উদ্যোগ অহাৰ সময়ত খাৰ্গেৰ পুত্ৰই অসমীয়া মানুহৰ বিৰুদ্ধে সমালোচনা কৰিছিল।

নৰেন্দ্ৰ মোদীক নহয়, তেওঁৰ মৃত দেউতাকক লৈও খাৰ্গেই সমালোচনা কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে দাবী কৰে।

কংগ্ৰেছৰ স্খলনৰ মূল কাৰণ দলটোৰ ভাৰতীয় সভ্যতা, সংস্কৃতি, আচাৰ-ব্যৱহাৰৰ পৰা আঁতৰি যোৱা বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। তেওঁৰ অভিযোগ, কংগ্ৰেছে বাংলাদেশ আৰু পাকিস্তানৰ সভ্যতা-সংস্কৃতিক নিজৰ বুলি আদৰি লৈ ভাৰতীয় সংস্কৃতিক দূৰলৈ ঠেলি দিছে।

এই কাৰণেই মানুহে কংগ্ৰেছক প্ৰত্যাখ্যান কৰে আৰু ভাল নাপায় বুলি মুখ্যমন্ত্ৰীয়ে দাবী কৰে। নিৰ্বাচনত হাৰিলে কংগ্ৰেছে তাক ভোট চুৰি বুলি আখ্যা দিয়ে বুলিও তেওঁ মন্তব্য কৰে।