কাজিৰঙাৰ ৰঙাজানত দুৰ্ঘটনাগ্ৰস্ত ট্ৰেভেলাৰখনৰ স্বত্বাধিকাৰী আনজিৰ আলীক আটক কৰিছে আৰক্ষীয়ে।
কাজিৰঙা, ১৫ নৱেম্বৰ: কাজিৰঙাৰ ৰঙাজানত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত ট্ৰেভেলাৰখনৰ স্বত্বাধিকাৰী আনজিৰ আলীক আটক কৰিছে আৰক্ষীয়ে।
দুৰ্ঘটনাটোক কেন্দ্ৰ কৰি আৰক্ষীয়ে অব্যাহত ৰখা তদন্তৰ ভিত্তিত ট্ৰেভেলাৰখনৰ স্বত্বাধিকাৰীক আটক কৰা হৈছে।
ইফালে, দুৰ্ঘটনাগ্ৰস্ত ট্ৰেভেলাৰখনৰ পৰা গতিবেগ নিয়ন্ত্ৰণকাৰী যন্ত্ৰ এছএলডি পূৰ্বেই খুলি ৰখা হৈছিল বুলি পোহৰলৈ আহিছে।
এছএলডিয়ে বাহনৰ গতিবেগ নিৰ্ধাৰিত সীমাৰ ভিতৰত ৰাখিবলৈ সহায় কৰে।
newznow.in