কাজিৰঙা, ১৫ নৱেম্বৰ: কাজিৰঙাৰ ৰঙাজানত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত ট্ৰেভেলাৰখনৰ স্বত্বাধিকাৰী আনজিৰ আলীক আটক কৰিছে আৰক্ষীয়ে। আনজিৰ আলীৰ ঘৰ নগাঁও জিলাৰ পানীগাঁৱত।
দুৰ্ঘটনাটোক কেন্দ্ৰ কৰি আৰক্ষীয়ে অব্যাহত ৰখা তদন্তৰ ভিত্তিত ট্ৰেভেলাৰখনৰ স্বত্বাধিকাৰীক আটক কৰা হৈছে। দুৰ্ঘটনাটোৰ সৈতে জড়িত বিভিন্ন দিশ আৰক্ষীয়ে পৰীক্ষা কৰি আছে।
ইফালে, দুৰ্ঘটনাগ্ৰস্ত ট্ৰেভেলাৰখনৰ পৰা গতিবেগ নিয়ন্ত্ৰণকাৰী যন্ত্ৰ এছএলডি পূৰ্বেই খুলি ৰখা হৈছিল বুলি পোহৰলৈ আহিছে। গোলাঘাট জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই এই তথ্য মুখ্যমন্ত্ৰীক অৱগত কৰিছে।
এছএলডিয়ে বাহনৰ গতিবেগ নিৰ্ধাৰিত সীমাৰ ভিতৰত ৰাখিবলৈ সহায় কৰে। যন্ত্ৰটো সংস্থাপন কৰা থাকিলে চালকে এক্সিলেটৰত অধিক চাপ দিলেও বাহনখনে নিৰ্ধাৰিত গতিসীমা অতিক্ৰম কৰিব নোৱাৰে।
ৰঙাজানৰ এই দুৰ্ঘটনাত মৃতকৰ সংখ্যা ২৬জনলৈ বৃদ্ধি পাইছে। যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত লক্ষী মাঝি নামৰ ২০ বছৰীয়া এগৰাকী যুৱতীৰ মৃত্যু হোৱাৰ পাছত মৃতকৰ সংখ্যা বৃদ্ধি পায়।
মৃতসকলৰ ভিতৰত ১৪গৰাকী মহিলা, ১১জন পুৰুষ আৰু এটি শিশু আছে। আহত ১৭গৰাকী লোক যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে। তেওঁলোকৰ ভিতৰত ৬গৰাকীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।