টেংনৌপালৰ ভাৰত-ম্যানমাৰ সীমান্তত অসম ৰাইফলছে এগৰাকী ম্যানমাৰৰ নাগৰিকক গ্ৰেপ্তাৰ কৰি তিনিটা এ কে-৪৭ ৰাইফলসহ অস্ত্ৰ উদ্ধাৰ কৰিছে।
টেংনৌপাল, ১৫ নৱেম্বৰ: মণিপুৰৰ টেংনৌপাল জিলাৰ ভাৰত-ম্যানমাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত অভিযান চলাই অসম ৰাইফলছে এগৰাকী ম্যানমাৰৰ নাগৰিকক গ্ৰেপ্তাৰ কৰিছে।
আৰক্ষীৰ তথ্য অনুসৰি, ধৃত লোকজনক ৪৮ বছৰীয়া ছ’ইতুনৌ বুলি চিনাক্ত কৰা হৈছে।
আন্তঃৰাষ্ট্ৰীয় সীমান্তৰে তিনিজন লোকে অস্ত্ৰ-শস্ত্ৰ কঢ়িয়াই নিয়াৰ সম্ভাৱনাৰ বিষয়ে চোৰাংচোৱা সূত্ৰৰ পৰা তথ্য লাভ কৰাৰ পাছতে নিৰাপত্তা বাহিনীয়ে অভিযান আৰম্ভ কৰিছিল।
উদ্ধাৰ হোৱা সামগ্ৰীৰ ভিতৰত তিনিটা এ কে-৪৭ ৰাইফল, ১৭২ জাঁই বিভিন্ন কেলিবাৰৰ গুলী, তিনিটা গ্ৰেনেড, দুটা টেলিস্কোপিক ছাইট আৰু এটা গুলীৰ বাকচ আছে।
newznow.in