টেংনৌপাল, ১৫ নৱেম্বৰ: মণিপুৰৰ টেংনৌপাল জিলাৰ ভাৰত-ম্যানমাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত অভিযান চলাই অসম ৰাইফলছে এগৰাকী ম্যানমাৰৰ নাগৰিকক গ্ৰেপ্তাৰ কৰিছে। ধৃত লোকজনৰ পৰা তিনিটা এ কে-৪৭ ৰাইফল, ১৭২ জাঁই বিভিন্ন ধৰণৰ গুলী আৰু তিনিটা গ্ৰেনেড উদ্ধাৰ কৰা হৈছে।

আৰক্ষীৰ তথ্য অনুসৰি, ধৃত লোকজনক ৪৮ বছৰীয়া ছ’ইতুনৌ বুলি চিনাক্ত কৰা হৈছে। ১৪ নৱেম্বৰত ভাৰত-ম্যানমাৰ সীমান্তৰ ৭৫ নম্বৰ সীমাস্তম্ভৰ সমীপত তেওঁক আটক কৰা হয়।

আন্তঃৰাষ্ট্ৰীয় সীমান্তৰে তিনিজন লোকে অস্ত্ৰ-শস্ত্ৰ কঢ়িয়াই নিয়াৰ সম্ভাৱনাৰ বিষয়ে চোৰাংচোৱা সূত্ৰৰ পৰা তথ্য লাভ কৰাৰ পাছতে নিৰাপত্তা বাহিনীয়ে অভিযান আৰম্ভ কৰিছিল। অভিযানৰ সময়ত ছ’ইতুনৌক আটক কৰিবলৈ সক্ষম হয় যদিও তেওঁৰ সৈতে থকা আন দুজন লোক ম্যানমাৰৰ দিশে পলাই যায় বুলি আৰক্ষীৰ বিবৃতিত প্ৰকাশ পাইছে।

উদ্ধাৰ হোৱা সামগ্ৰীৰ ভিতৰত তিনিটা এ কে-৪৭ ৰাইফল, ১৭২ জাঁই বিভিন্ন কেলিবাৰৰ গুলী, তিনিটা গ্ৰেনেড, দুটা টেলিস্কোপিক ছাইট আৰু এটা গুলীৰ বাকচ আছে। ঘটনাটোৰ সৈতে জড়িত আন দুজন লোকৰ সম্ভাৱ্য ভূমিকা আৰু উদ্ধাৰ হোৱা অস্ত্ৰ-শস্ত্ৰৰ উৎস সন্দৰ্ভত তদন্ত অব্যাহত আছে।