সোণাপুৰৰ ১৪ মাইলত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত দুদিন ধৰি মুকলিকৈ জুৱা চলাৰ অভিযোগ উঠিছে।
সোণাপুৰ, ১৫ নৱেম্বৰ: ৰাজ্যত জুৱাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত থকাৰ মাজতে সোণাপুৰৰ ১৪ মাইলত ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত মুকলিকৈ জুৱাৰ আড্ডা চলাৰ অভিযোগ উত্থাপন হৈছে।
অভিযোগ অনুসৰি, সোণাপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ১৪ মাইলত শুকুৰবাৰৰ পৰা দুদিন ধৰি এই জুৱাৰ আড্ডা চলিছিল।
স্থানীয় সূত্ৰৰ মতে, ১৪ মাইলৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা সিদ্ধি বিনায়ক নামৰ ৰেষ্টুৰেণ্টখনৰ সন্মুখত নিশাৰ ভাগত মুকলিকৈ জুৱাৰ কাৰ্যকলাপ চলিছিল।
অভিযোগ অনুসৰি, শনিবাৰে নিশা জুৱাৰ আড্ডা সন্দৰ্ভত অভিযোগ পোৱাৰ পিছত সোণাপুৰ আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈছিল।
newznow.in