সোণাপুৰ, ১৫ নৱেম্বৰ: ৰাজ্যত জুৱাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত থকাৰ মাজতে সোণাপুৰৰ ১৪ মাইলত ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত মুকলিকৈ জুৱাৰ আড্ডা চলাৰ অভিযোগ উত্থাপন হৈছে।

অভিযোগ অনুসৰি, সোণাপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ১৪ মাইলত শুকুৰবাৰৰ পৰা দুদিন ধৰি এই জুৱাৰ আড্ডা চলিছিল।

স্থানীয় সূত্ৰৰ মতে, ১৪ মাইলৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা সিদ্ধি বিনায়ক নামৰ ৰেষ্টুৰেণ্টখনৰ সন্মুখত নিশাৰ ভাগত মুকলিকৈ জুৱাৰ কাৰ্যকলাপ চলিছিল। আৰক্ষী-প্ৰশাসনৰ উপস্থিতিৰ মাজতো এনেদৰে জুৱা চলাৰ অভিযোগে অঞ্চলটোত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

অভিযোগ অনুসৰি, শনিবাৰে নিশা জুৱাৰ আড্ডা সন্দৰ্ভত অভিযোগ পোৱাৰ পিছত সোণাপুৰ আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈছিল। কিন্তু সেই সময়ত জুৱাৰ সৈতে জড়িত কোনো লোকক আটক কৰা বা জুৱাত ব্যৱহৃত সামগ্ৰী জব্দ কৰা নহ’ল বুলি অভিযোগ উঠিছে।

দেৱালীৰ কেইদিনমান পূৰ্বৰে পৰা সোণাপুৰৰ বিভিন্ন স্থানত মুকলিকৈ জুৱা চলি থকাৰ অভিযোগ উত্থাপন হৈ আহিছে। এনে পৰিস্থিতিত প্ৰশাসনৰ চকুৰ সন্মুখতে জুৱাৰ আড্ডা চলাৰ অভিযোগক লৈ আৰক্ষীৰ ভূমিকা আৰু অভিযানৰ কাৰ্যকাৰিতাক লৈ প্ৰশ্ন উত্থাপন হৈছে।