পূৰ্বৰ তৃণমূল কংগ্ৰেছ চৰকাৰে কেৱল মুছলমানসকলকহে সংখ্যালঘু হিচাপে গণ্য কৰিছিল বুলি অভিযোগ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ।
কলকাতা, ১৫ নৱেম্বৰ: পশ্চিমবংগৰ পূৰ্বৰ তৃণমূল কংগ্ৰেছ চৰকাৰে কেৱল মুছলমান সম্প্ৰদায়কহে সংখ্যালঘু হিচাপে গণ্য কৰিছিল বুলি অভিযোগ উত্থাপন কৰিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে।
দেওবাৰে কলকাতাৰ বুৰ্ৰাবজাৰত অৱস্থিত গুৰুদ্বাৰা বডা শিখ সংগঠনত উপস্থিত হৈ শিখ সম্প্ৰদায়ৰ লোকসকলৰ সৈতে মত বিনিময় কৰাৰ সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে।
পূৰ্বৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ নেতৃত্বাধীন তৃণমূল কংগ্ৰেছ চৰকাৰৰ বিৰুদ্ধে সংখ্যালঘু সম্প্ৰদায়ক লৈ তুষ্টিকৰণৰ ৰাজনীতি কৰাৰ অভিযোগ অধিকাৰীয়ে পূৰ্বেও উত্থাপন কৰি আহিছে।
তেওঁৰ এই মন্তব্যক লৈ পশ্চিমবংগৰ ৰাজনৈতিক মহলত নতুনকৈ চৰ্চা আৰম্ভ হৈছে।
newznow.in