কলকাতা, ১৫ নৱেম্বৰ: পশ্চিমবংগৰ পূৰ্বৰ তৃণমূল কংগ্ৰেছ চৰকাৰে কেৱল মুছলমান সম্প্ৰদায়কহে সংখ্যালঘু হিচাপে গণ্য কৰিছিল বুলি অভিযোগ উত্থাপন কৰিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে।

দেওবাৰে কলকাতাৰ বুৰ্ৰাবজাৰত অৱস্থিত গুৰুদ্বাৰা বডা শিখ সংগঠনত উপস্থিত হৈ শিখ সম্প্ৰদায়ৰ লোকসকলৰ সৈতে মত বিনিময় কৰাৰ সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে।

সংখ্যালঘু বুলিলে কেৱল এটা নিৰ্দিষ্ট সম্প্ৰদায়ক বুজোৱা নহয়। শিখ, বৌদ্ধ আৰু জৈন সম্প্ৰদায়ৰ লোকসকলো ধৰ্মীয় সংখ্যালঘুৰ অন্তৰ্ভুক্ত।

পূৰ্বৰ তৃণমূল কংগ্ৰেছ চৰকাৰে কেৱল মুছলমানসকলকহে সংখ্যালঘু হিচাপে বিবেচনা কৰিছিল বুলি তেওঁ অভিযোগ কৰে। শিখ সম্প্ৰদায়ৰ দেশপ্ৰেমৰ প্ৰশংসা কৰি তেওঁলোকক ‘প্ৰকৃত দেশপ্ৰেমী’ বুলিও অভিহিত কৰে অধিকাৰীয়ে।

পূৰ্বৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ নেতৃত্বাধীন তৃণমূল কংগ্ৰেছ চৰকাৰৰ বিৰুদ্ধে সংখ্যালঘু সম্প্ৰদায়ক লৈ তুষ্টিকৰণৰ ৰাজনীতি কৰাৰ অভিযোগ অধিকাৰীয়ে পূৰ্বেও উত্থাপন কৰি আহিছে। অৱশ্যে, এইবাৰৰ বক্তব্যত তেওঁ পূৰ্বৰ চৰকাৰৰ কোনো নিৰ্দিষ্ট আঁচনি বা নীতি সম্পৰ্কে কোনো তথ্য দাঙি ধৰা নাই।

তেওঁৰ এই মন্তব্যক লৈ পশ্চিমবংগৰ ৰাজনৈতিক মহলত নতুনকৈ চৰ্চা আৰম্ভ হৈছে।