অসম

দলঙৰ খহি পৰা আৰু নিৰ্মাণকাৰ্যত অনিয়মৰ অভিযোগ! অসমত ১০গৰাকী গড়কাপ্তানী অভিযন্তা নিলম্বিত

NewzNow · ১৫ নৱেম্বৰ ২০২৬

১ / ৫

পেছাগত গাফিলতি, নিম্নমানৰ নিৰ্মাণকাৰ্য আৰু দলং খহি পৰাৰ সৈতে জড়িত অনিয়মৰ অভিযোগত গড়কাপ্তানী বিভাগৰ ১০গৰাকী অভিযন্তাক নিলম্বন কৰা হৈছে।

২ / ৫

শিলচৰ, ১৫ নৱেম্বৰ: পেছাগত গাফিলতি, নিম্নমানৰ নিৰ্মাণকাৰ্য আৰু কেইবাখনো দলং খহি পৰাৰ সৈতে জড়িত অনিয়মৰ অভিযোগত ৰাজ্য চৰকাৰে গড়কাপ্তানী বিভাগৰ ১০গৰাকী অভিযন্তাক নিলম্বন কৰিছে।

৩ / ৫

নিলম্বিতসকলৰ ভিতৰত বৰাক উপত্যকাৰ বিভিন্ন সংমণ্ডলত কৰ্মৰত ৯গৰাকী বিষয়া আৰু হাফলঙত কৰ্মৰত এগৰাকী বিষয়া আছে।

৪ / ৫

কাতিগড়া-বড়খলা সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা কল্লোল নাথ আৰু কনিষ্ঠ অভিযন্তা জয়দীপ নাথক নিলম্বন কৰা হৈছে।

৫ / ৫

পাথাৰকান্দি-ৰামকৃষ্ণনগৰ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা শৈবল বিশ্বাস আৰু সহকাৰী কাৰ্যবাহী অভিযন্তা সুব্ৰত দাসৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

দলঙৰ খহি পৰা আৰু নিৰ্মাণকাৰ্যত অনিয়মৰ অভিযোগ! অসমত ১০গৰাকী গড়কাপ্তানী অভিযন্তা নিলম্বিত

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক