শিলচৰ, ১৫ নৱেম্বৰ: পেছাগত গাফিলতি, নিম্নমানৰ নিৰ্মাণকাৰ্য আৰু কেইবাখনো দলং খহি পৰাৰ সৈতে জড়িত অনিয়মৰ অভিযোগত ৰাজ্য চৰকাৰে গড়কাপ্তানী বিভাগৰ ১০গৰাকী অভিযন্তাক নিলম্বন কৰিছে।
নিলম্বিতসকলৰ ভিতৰত বৰাক উপত্যকাৰ বিভিন্ন সংমণ্ডলত কৰ্মৰত ৯গৰাকী বিষয়া আৰু হাফলঙত কৰ্মৰত এগৰাকী বিষয়া আছে।
কাতিগড়া-বড়খলা সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা কল্লোল নাথ আৰু কনিষ্ঠ অভিযন্তা জয়দীপ নাথক নিলম্বন কৰা হৈছে। ধলাই-সোণাই সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তা পীযূষ চৌধুৰী আৰু ৰতুল দাসকো নিলম্বন কৰা হৈছে।
পাথাৰকান্দি-ৰামকৃষ্ণনগৰ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা শৈবল বিশ্বাস আৰু সহকাৰী কাৰ্যবাহী অভিযন্তা সুব্ৰত দাসৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
হাইলাকান্দি সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা শুভেন্দু দাস, সহকাৰী কাৰ্যবাহী অভিযন্তা অনামুৰ ৰহমান বৰভূঞা ওৰফে বাবু বৰভূঞা আৰু কনিষ্ঠ অভিযন্তা আমিৰ হুছেইন চৌধুৰীকো নিলম্বন কৰা হৈছে।
ইফালে, ডিমা হাছাওৰ উত্তৰ-পূব পৰিষদৰ অধীনত কৰ্মৰত অধীক্ষক অভিযন্তা শাকিল আহমেদকো নিলম্বন কৰা হৈছে। তেওঁ পূৰ্বে ধলাই-সোণাই সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা হিচাপে কৰ্মৰত আছিল। সেই সময়ছোৱাত সংঘটিত অনিয়মৰ অভিযোগৰ ভিত্তিত তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
দলং খহি পৰাৰ ঘটনা, নিৰ্মাণকাৰ্যৰ গুণগত মান আৰু বিভাগীয় তদাৰকীৰ ক্ষেত্ৰত হোৱা গাফিলতিৰ পৰিপ্ৰেক্ষিতত এই শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি জানিব পৰা গৈছে।