শিক্ষা আৰু জনজাতি পৰিক্ৰমা মন্ত্ৰী ড° ৰণোজ পেগুৱে ২০২৭ চনৰ ১০ নৱেম্বৰৰ পৰা গুৱাহাটীত পাঁচদিনীয়া জনজাতীয় মেলা অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে।
গুৱাহাটী, ১৫ নৱেম্বৰ: গুৱাহাটীত ৫ দিনীয়া জনজাতীয় মেলা, ২০২৭ত জনজাতীয় সংগ্ৰহালয় স্থাপনৰ ঘোষণা ৰণোজ পেগুৰ
অসমৰ শিক্ষা আৰু জনজাতি পৰিক্ৰমা মন্ত্ৰী ড° ৰণোজ পেগুৱে ২০২৭ চনৰ ১০ নৱেম্বৰৰ পৰা গুৱাহাটীত পাঁচদিনীয়াকৈ জনজাতীয় মেলা অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে।
একেদৰে, আগন্তুক বৰ্ষত অসমত এখন জনজাতীয় সংগ্ৰহালয় স্থাপন কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে জনায়।
একলব্য আদৰ্শ আৱাসিক বিদ্যালয় সন্দৰ্ভত তেওঁ কয় যে, জনজাতীয় শিক্ষাৰ্থীৰ শিক্ষাৰ বাবে দেশজুৰি ২৫,০০০ কোটি টকা ব্যয়ৰ পৰিকল্পনা কৰা হৈছে।
newznow.in