গুৱাহাটী, ১৫ নৱেম্বৰ: গুৱাহাটীত ৫ দিনীয়া জনজাতীয় মেলা, ২০২৭ত জনজাতীয় সংগ্ৰহালয় স্থাপনৰ ঘোষণা ৰণোজ পেগুৰ

অসমৰ শিক্ষা আৰু জনজাতি পৰিক্ৰমা মন্ত্ৰী ড° ৰণোজ পেগুৱে ২০২৭ চনৰ ১০ নৱেম্বৰৰ পৰা গুৱাহাটীত পাঁচদিনীয়াকৈ জনজাতীয় মেলা অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে। লগতে আগন্তুক বৰ্ষত অসমত এটা জনজাতীয় সংগ্ৰহালয় স্থাপন কৰা হ’ব বুলিও জনাইছে মন্ত্ৰীগৰাকীয়ে।

একেদৰে, আগন্তুক বৰ্ষত অসমত এখন জনজাতীয় সংগ্ৰহালয় স্থাপন কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে জনায়।

একলব্য আদৰ্শ আৱাসিক বিদ্যালয় সন্দৰ্ভত তেওঁ কয় যে, জনজাতীয় শিক্ষাৰ্থীৰ শিক্ষাৰ বাবে দেশজুৰি ২৫,০০০ কোটি টকা ব্যয়ৰ পৰিকল্পনা কৰা হৈছে। অসমৰ বাবে পৰিকল্পনা কৰা ১৭খন বিদ্যালয়ৰ ভিতৰত বৰ্তমান ৮খন কাৰ্যক্ষম হৈ আছে বুলিও তেওঁ উল্লেখ কৰে।

সংবাদমেলত মন্ত্ৰীগৰাকীয়ে ২০২৬ বৰ্ষৰ জনজাতীয় গৌৰৱ বঁটাৰ বাবে পাঁচগৰাকী ব্যক্তিৰ নাম ঘোষণা কৰে।

বঁটা লাভ কৰিব -উদ্যমী কিৰাট ব্ৰহ্ম,

নাট্যকৰ্মী পবিত্ৰ ৰাভা,

শিল্পী পুহিন দৌলা,

মংগল সিং ক্ৰ' আৰু

সংগীতজ্ঞ ড° গুমথাও বসুমতাৰীয়ে।

এই ঘোষণাসমূহে জনজাতীয় সমাজৰ শিক্ষা, সংস্কৃতি আৰু ঐতিহ্য সংৰক্ষণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ পৰিকল্পনাৰ কথা দাঙি ধৰে বুলি মন্ত্ৰীগৰাকীয়ে কয়।