১৭ নৱেম্বৰত খানাপাৰাত অনুষ্ঠিত হ’বলগীয়া কনচাৰ্টক কেন্দ্ৰ কৰি কেইবাটাও পথত চলাচল নিয়ন্ত্ৰণ আৰু পাৰ্কিং নিষেধাজ্ঞা জাৰি কৰা হৈছে।
গুৱাহাটী, ১৫ নৱেম্বৰ: বিশ্ববিখ্যাত আমেৰিকান হাৰ্ড ৰক বেণ্ড ‘গানছ এন’ ৰোজেছ’ৰ ১৭ নৱেম্বৰৰ কনচাৰ্টক কেন্দ্ৰ কৰি মহানগৰ যান-বাহন আৰক্ষীয়ে বিশেষ যান-বাহন ব্যৱস্থা গ্ৰহণ কৰিছে।
যান-জঁট নিয়ন্ত্ৰণ, দৰ্শকৰ নিৰাপত্তা আৰু জৰুৰীকালীন বাহনৰ চলাচল সুচল কৰি ৰখাৰ লক্ষ্যৰে এই নিৰ্দেশনা জাৰি কৰা হৈছে বুলি যান-বাহন আৰক্ষীয়ে জনাইছে।
১৭ নৱেম্বৰৰ বিয়লি ৩ বজাৰ পৰা ছয়মাইল উৰণ সেতুৰ তলৰ পৰা খানাপাৰা ৰটাৰীলৈ জি এছ ৰোডত আৰু ছয়মাইল উৰণ সেতুৰ তলৰ পৰা জয়ানগৰ চাৰিআলিৰে বালুঘাটৰ ত্ৰিপুৰা গলিলৈ বাণিজ্যিক সামগ্ৰী কঢ়িওৱা আৰু…
ছয়মাইল উৰণ সেতুৰ তলৰ পৰা খানাপাৰা ৰটাৰীলৈ জি এছ ৰোড, ছয়মাইল উৰণ সেতুৰ তলৰ পৰা জয়ানগৰ চাৰিআলি, জয়ানগৰ চাৰিআলিৰ পৰা ত্ৰিপুৰা গলি-বালুঘাট, জয়ানগৰ চাৰিআলিৰ পৰা এ পি এছ চি পইণ্ট, ত্ৰিপুৰা…
newznow.in