গুৱাহাটী, ১৫ নৱেম্বৰ: বিশ্ববিখ্যাত আমেৰিকান হাৰ্ড ৰক বেণ্ড ‘গানছ এন’ ৰোজেছ’ৰ ১৭ নৱেম্বৰৰ কনচাৰ্টক কেন্দ্ৰ কৰি মহানগৰ যান-বাহন আৰক্ষীয়ে বিশেষ যান-বাহন ব্যৱস্থা গ্ৰহণ কৰিছে। মঙলবাৰে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া অনুষ্ঠানটোৰ বাবে মহানগৰীৰ কেইবাটাও গুৰুত্বপূৰ্ণ পথত চলাচল নিয়ন্ত্ৰণৰ লগতে পাৰ্কিঙৰ স্থান নিৰ্ধাৰণ কৰা হৈছে।

যান-জঁট নিয়ন্ত্ৰণ, দৰ্শকৰ নিৰাপত্তা আৰু জৰুৰীকালীন বাহনৰ চলাচল সুচল কৰি ৰখাৰ লক্ষ্যৰে এই নিৰ্দেশনা জাৰি কৰা হৈছে বুলি যান-বাহন আৰক্ষীয়ে জনাইছে।

চলাচল নিয়ন্ত্ৰণ

১৭ নৱেম্বৰৰ বিয়লি ৩ বজাৰ পৰা ছয়মাইল উৰণ সেতুৰ তলৰ পৰা খানাপাৰা ৰটাৰীলৈ জি এছ ৰোডত আৰু ছয়মাইল উৰণ সেতুৰ তলৰ পৰা জয়ানগৰ চাৰিআলিৰে বালুঘাটৰ ত্ৰিপুৰা গলিলৈ বাণিজ্যিক সামগ্ৰী কঢ়িওৱা আৰু লেহেমীয়া গতিৰ বাহনৰ চলাচল বন্ধ থাকিব। বিয়লি ২ বজাৰ পৰা প্ৰিজন গেট পইণ্টৰ পৰা কইনাধৰা পইণ্টলৈ দুয়ো দিশত, কেন্দ্ৰীয় বিদ্যালয় খানাপাৰাৰ পৰা এ পি এছ চি পইণ্টলৈ আৰু ৰোহিকা দিশৰ ছাৰ্ভিচ লেনেৰে কইনাধৰা পইণ্টৰ পৰা খানাপাৰা ৰটাৰীলৈ যান-বাহন চলাচল নিয়ন্ত্ৰণ কৰা হ’ব।

পাৰ্কিং নিষেধাজ্ঞা

ছয়মাইল উৰণ সেতুৰ তলৰ পৰা খানাপাৰা ৰটাৰীলৈ জি এছ ৰোড, ছয়মাইল উৰণ সেতুৰ তলৰ পৰা জয়ানগৰ চাৰিআলি, জয়ানগৰ চাৰিআলিৰ পৰা ত্ৰিপুৰা গলি-বালুঘাট, জয়ানগৰ চাৰিআলিৰ পৰা এ পি এছ চি পইণ্ট, ত্ৰিপুৰা গলি-বালুঘাটৰ পৰা খানাপাৰা ৰটাৰীলৈ এন এইচ-২৭ আৰু ইয়াৰ ছাৰ্ভিচ ৰোডৰ দুয়োফালে পাৰ্কিং নিষিদ্ধ কৰা হৈছে। খানাপাৰা ৰটাৰীৰ পৰা পিংকু কাটিংলৈ আৰু খানাপাৰা ৰটাৰীৰ পৰা গ্ৰীণউড ৰিজ’ৰ্টলৈ এন এইচ-২৭ৰ দুয়োফালেও বাহন ৰাখিব নোৱাৰিব।

নিৰ্ধাৰিত পাৰ্কিং

জি এছ ৰোডেৰে অহা দৰ্শকে কৃষি ভৱন, জ্যোতি-বিষ্ণু আন্তঃৰাষ্ট্ৰীয় কলামন্দিৰ, ভেটেৰিনেৰী ফাৰ্ম গেট, অসম চুক্তি ক্ষেত্ৰ, ভেটেৰিনেৰী কলেজ কেম্পাছ আৰু অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত বাহন ৰাখিব পাৰিব। উজনি অসম আৰু মেঘালয়ৰ পৰা অহা লোকসকলৰ বাবে মুকুট পাৰ্কিং, দেৱাষী পাৰ্কিং, পিংকু পাৰ্কিং আৰু বশিষ্ঠ মন্দিৰ পথত ব্যৱস্থা কৰা হৈছে।

নামনি অসমৰ পৰা এন এইচ-২৭, বেলতলা আৰু জয়ানগৰ চাৰিআলিৰে অহা লোকসকলৰ বাবে বশিষ্ঠৰ ত্ৰিপুৰা গলি-বালুঘাট, ত্ৰিপুৰা গলিৰ জুডিঅ’ শ্ব’ৰুমৰ সমীপ, লীলা টাৱাৰৰ সমীপৰ ব্যক্তিগত পাৰ্কিং আৰু কেন্দ্ৰীয় বিদ্যালয় খানাপাৰাত পাৰ্কিঙৰ সুবিধা থাকিব। দুচকীয়া বাহনৰ বাবে বেলতলা বিহুতলী খেলপথাৰ, জি এম চি পাৰ্কিং আৰু মিনি আই এছ বি টিত স্থান নিৰ্ধাৰণ কৰা হৈছে।

টিকট অনুসৰি প্ৰৱেশদ্বাৰ

ছিলভাৰ টিকটধাৰীয়ে পুৰণি চি পি কাৰ্যালয় পথৰ ৫, ৬, ৭, ৮ আৰু ৯ নম্বৰ গেটেৰে প্ৰৱেশ কৰিব পাৰিব। গ’ল্ড টিকটধাৰীৰ বাবে এ পি এছ চিৰ সন্মুখৰ ৱাকিং জ’নত ১১ নম্বৰ গেট আৰু প্লেটিনাম লাউঞ্জ টিকটধাৰীৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়ৰ আন্তঃৰাষ্ট্ৰীয় অতিথিশালাৰ সমীপৰ এন এইচ-২৭ৰ ছাৰ্ভিচ ৰোডত ৪ নম্বৰ গেট নিৰ্ধাৰণ কৰা হৈছে। বাহনৰ পৰা নমাৰ পাছত সকলো দৰ্শকে নিৰ্ধাৰিত স্থানতহে বাহন ৰাখিব লাগিব।

জি এছ ৰোডৰ দিশৰ পৰা অহা কেবসমূহে জ্যোতি-বিষ্ণু আন্তঃৰাষ্ট্ৰীয় কলামন্দিৰৰ ১ নম্বৰ গেটত যাত্ৰী নমাই শিলগ্ৰাম হৈ পাঞ্জাবাৰী অভিমুখে যাব লাগিব। এন এইচ-২৭ৰ দিশৰ পৰা অহা কেবসমূহে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ সন্মুখত যাত্ৰী নমাই কইনাধৰা পইণ্টৰ দিশে আগবাঢ়িব লাগিব। পাৰ্কিঙৰ স্থান সীমিত হোৱাৰ বাবে দৰ্শকসকলক ৰাজহুৱা পৰিবহণ ব্যৱহাৰ কৰিবলৈ আহ্বান জনোৱা হৈছে।

জৰুৰীকালীন সেৱাৰ বাহন, অগ্নিনিৰ্বাপক বাহন, এম্বুলেন্স, জীৱনদায়িনী ঔষধ আৰু অক্সিজেন চিলিণ্ডাৰ কঢ়িওৱা বাহন, স্কুল বাছ, গাখীৰ কঢ়িওৱা বাহন আৰু স্থানীয় বাসিন্দাসকলৰ চলাচল এই নিয়ন্ত্ৰণৰ পৰা ৰেহাই দিয়া হৈছে।