গহপুৰৰ এক নিৰ্বাচনী সভাত শিক্ষা মন্ত্ৰী ড০ ৰণোজ পেগুৰ মিচিং পৰিচয়ক লৈ প্ৰশ্ন উত্থাপন কৰে জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰিপুন বৰাই।
গহপুৰ: মিচিং স্বায়ত্তশাসিত পৰিষদৰ আগন্তুক নিৰ্বাচনক কেন্দ্ৰ কৰি গহপুৰত ৰাজনৈতিক উত্তাপ বৃদ্ধি পোৱাৰ সময়তে শিক্ষা মন্ত্ৰী ড০ ৰণোজ পেগুক লক্ষ্য কৰি বিতৰ্কিত মন্তব্য কৰিছে জ্যেষ্ঠ কংগ্ৰেছ…
দেওবাৰে গহপুৰ সমষ্টিৰ দক্ষিণাঞ্চলৰ লোহিতমুখ গাঁও পঞ্চায়তৰ চেনীজানত অনুষ্ঠিত এখন নিৰ্বাচনী সভাত ভাষণ দি ৰিপুন বৰাই মন্ত্ৰীগৰাকীৰ মিচিং পৰিচয়ক লৈ প্ৰশ্ন উত্থাপন কৰে।
ৰিপুন বৰাৰ দাবী অনুসৰি, ড০ পেগুৰ পিতৃ চুতীয়া সম্প্ৰদায়ৰ আৰু মন্ত্ৰীগৰাকী সৰুৰে পৰা মিচিং পৰিয়ালত থাকি ডাঙৰ-দীঘল হোৱাৰ লগতে শিক্ষা গ্ৰহণ কৰিছিল।
মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া আৰু মন্ত্ৰী ড০ ৰণোজ পেগুৰ মাজত ঘনিষ্ঠ সম্পৰ্ক থকাৰ অভিযোগো উত্থাপন কৰে ৰিপুন বৰাই।
newznow.in