গহপুৰ: মিচিং স্বায়ত্তশাসিত পৰিষদৰ আগন্তুক নিৰ্বাচনক কেন্দ্ৰ কৰি গহপুৰত ৰাজনৈতিক উত্তাপ বৃদ্ধি পোৱাৰ সময়তে শিক্ষা মন্ত্ৰী ড০ ৰণোজ পেগুক লক্ষ্য কৰি বিতৰ্কিত মন্তব্য কৰিছে জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰিপুন বৰাই।
দেওবাৰে গহপুৰ সমষ্টিৰ দক্ষিণাঞ্চলৰ লোহিতমুখ গাঁও পঞ্চায়তৰ চেনীজানত অনুষ্ঠিত এখন নিৰ্বাচনী সভাত ভাষণ দি ৰিপুন বৰাই মন্ত্ৰীগৰাকীৰ মিচিং পৰিচয়ক লৈ প্ৰশ্ন উত্থাপন কৰে।
“ড০ ৰণোজ পেগু আচল মিচিং নহয়, নকলি মিচিং।”
ৰিপুন বৰাৰ দাবী অনুসৰি, ড০ পেগুৰ পিতৃ চুতীয়া সম্প্ৰদায়ৰ আৰু মন্ত্ৰীগৰাকী সৰুৰে পৰা মিচিং পৰিয়ালত থাকি ডাঙৰ-দীঘল হোৱাৰ লগতে শিক্ষা গ্ৰহণ কৰিছিল। মিচিং পৰিচয়ৰ মুখা পিন্ধি মন্ত্ৰীগৰাকীয়ে মিচিং ৰাইজক শোষণ কৰি আহিছে বুলিও কংগ্ৰেছ নেতাগৰাকীয়ে অভিযোগ কৰে।
মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া আৰু মন্ত্ৰী ড০ ৰণোজ পেগুৰ মাজত ঘনিষ্ঠ সম্পৰ্ক থকাৰ অভিযোগো উত্থাপন কৰে ৰিপুন বৰাই। দুয়োগৰাকীয়ে মিলি পৰিষদৰ ধন অপব্যৱহাৰ কৰাৰ অভিযোগ তুলি তেওঁ দুয়োৰে সম্পৰ্কক ‘ভিনিহি-খুলশালী’ বুলি কটাক্ষ কৰে।
আগন্তুক ৩০ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত ভোটাৰসকলক সঠিক সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আহ্বান জনাই ৰিপুন বৰাই ‘ভিনিহি-খুলশালীৰ ৰাজত্ব’ৰ অৱসান ঘটোৱাৰ আহ্বান জনায়।
সভাখনত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ উপ-সভাপতি ডাঃ শংকৰজ্যোতি কুটুম, বিশ্বনাথ জিলা কংগ্ৰেছৰ সভাপতি প্ৰশান্ত হাজৰিকাৰ লগতে কংগ্ৰেছ-সমৰ্থিত প্ৰাৰ্থী মহেশ পেগু আৰু ৰামু পাটগিৰি উপস্থিত আছিল।
ৰিপুন বৰাৰ এই মন্তব্যই মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ পূৰ্বে গহপুৰৰ ৰাজনৈতিক পৰিৱেশত নতুন বিতৰ্কৰ সূচনা কৰিছে।