শিৱসাগৰ জিলাৰ নাজিৰাত অ'এনজিচিৰ গেছ পৰিবাহী পাইপ ফাটি বিষাক্ত গেছ নিৰ্গত হোৱাত স্থানীয় বাসিন্দাসকলৰ মাজত আতংকৰ সৃষ্টি হৈছে।
নাজিৰা, ১৫ নৱেম্বৰ: শিৱসাগৰ জিলাৰ নাজিৰাত অ'এনজিচিৰ গেছ পৰিবাহী পাইপ ফাটি বিষাক্ত গেছ নিৰ্গত হোৱাৰ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত আতংকময় পৰিস্থিতিৰ সৃষ্টি হৈছে।
পাইপটোৰ পৰা নিৰন্তৰভাৱে গেছ নিৰ্গত হোৱাত ওচৰ-পাঁজৰৰ বাসিন্দাসকলৰ মাজত ভয় আৰু উৎকণ্ঠা বৃদ্ধি পাইছে।
গেছ নিৰ্গমনৰ ফলত কোনো লোক অসুস্থ হৈছে নে নাই, সেই সন্দৰ্ভত এতিয়ালৈকে নিশ্চিত তথ্য লাভ কৰা হোৱা নাই।
নাজিৰাৰ ধিতাইপুখুৰীৰ শিলাকুটি ভকতগাঁও আৰু গেলেকী অঞ্চলত বিগত মাহসমূহতো কেইবাবাৰো পুৰণি পাইপ ফাটি গেছ নিৰ্গত হোৱাৰ ঘটনা ঘটিছিল।
newznow.in