নাজিৰা, ১৫ নৱেম্বৰ: শিৱসাগৰ জিলাৰ নাজিৰাত অ'এনজিচিৰ গেছ পৰিবাহী পাইপ ফাটি বিষাক্ত গেছ নিৰ্গত হোৱাৰ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত আতংকময় পৰিস্থিতিৰ সৃষ্টি হৈছে।

পাইপটোৰ পৰা নিৰন্তৰভাৱে গেছ নিৰ্গত হোৱাত ওচৰ-পাঁজৰৰ বাসিন্দাসকলৰ মাজত ভয় আৰু উৎকণ্ঠা বৃদ্ধি পাইছে। ঘটনাটোৰ পাছতে স্থানীয় ৰাইজৰ মাজত নিৰাপত্তাক লৈও চিন্তা দেখা দিছে।

গেছ নিৰ্গমনৰ ফলত কোনো লোক অসুস্থ হৈছে নে নাই, সেই সন্দৰ্ভত এতিয়ালৈকে নিশ্চিত তথ্য লাভ কৰা হোৱা নাই।

নাজিৰাৰ ধিতাইপুখুৰীৰ শিলাকুটি ভকতগাঁও আৰু গেলেকী অঞ্চলত বিগত মাহসমূহতো কেইবাবাৰো পুৰণি পাইপ ফাটি গেছ নিৰ্গত হোৱাৰ ঘটনা ঘটিছিল।

স্থানীয় ৰাইজে পুৰণি পাইপলাইনসমূহ সঠিকভাৱে মেৰামতি নকৰাৰ বাবেই বাৰে বাৰে এনে দুৰ্ঘটনা সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন কৰি আহিছে।

পাইপ ফাটাৰ কাৰণ, ঘটনাস্থলীত অ'এনজিচি কৰ্তৃপক্ষই লোৱা ব্যৱস্থা আৰু পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহিছে নে নাই, সেই বিষয়েও বিতং তথ্যৰ অপেক্ষা কৰা হৈছে।