অসম

অসমত ১,১৬,৯৪৬ ঘোষিত বিদেশীক আটক-বহিষ্কাৰ কৰা হোৱা নাই: উচ্চ ন্যায়ালয়

NewzNow · ১৫ নৱেম্বৰ ২০২৬

১ / ৫

অসমত বিদেশী বুলি ঘোষণা কৰা ১,১৬,৯৪৬গৰাকী লোকক ৩০ জুন, ২০২৬লৈকে আটক বা বহিষ্কাৰ কৰা হোৱা নাই বুলি গুৱাহাটী উচ্চ ন্যায়ালয়ে উল্লেখ কৰিছে।

২ / ৫

গুৱাহাটী, ১৫ নৱেম্বৰ: অসমত বিদেশী বুলি ঘোষণা কৰা ১ লাখ ১৬ হাজাৰ ৯৪৬গৰাকী লোকক এতিয়াও আটক কৰি বহিষ্কাৰ কৰিব পৰা হোৱা নাই।

৩ / ৫

১০ নৱেম্বৰত ন্যায়াধীশ কল্যাণ ৰায় সুৰানা আৰু মৃদুল কুমাৰ কলিতাৰ খণ্ড বিচাৰপীঠে হামিদা বেগম নামৰ এগৰাকী মহিলাৰ আবেদন খাৰিজ কৰাৰ সময়ত এই মন্তব্য কৰে।

৪ / ৫

চৰাইদেউ জিলাৰ বাসিন্দা হামিদা বেগমক ২০১৮ চনৰ ডিচেম্বৰ মাহত বিদেশী ন্যায়াধিকৰণে অবৈধ বিদেশী বুলি ঘোষণা কৰিছিল।

৫ / ৫

পৰৱৰ্তী সময়ত সৰ্বোচ্চ ন্যায়ালয়েও ২০২৫ চনৰ নৱেম্বৰ মাহত তেওঁৰ আবেদন আৰু ২০২৬ চনৰ মাৰ্চ মাহত পুনৰীক্ষণ আবেদন খাৰিজ কৰে।

অসমত ১,১৬,৯৪৬ ঘোষিত বিদেশীক আটক-বহিষ্কাৰ কৰা হোৱা নাই: উচ্চ ন্যায়ালয়

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক