গুৱাহাটী, ১৫ নৱেম্বৰ: অসমত বিদেশী বুলি ঘোষণা কৰা ১ লাখ ১৬ হাজাৰ ৯৪৬গৰাকী লোকক এতিয়াও আটক কৰি বহিষ্কাৰ কৰিব পৰা হোৱা নাই। বিদেশী নাগৰিকক বহিষ্কাৰ কৰাৰ এই পৰিস্থিতিক ‘অতি উদ্বেগজনক’ বুলি অভিহিত কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে।

১০ নৱেম্বৰত ন্যায়াধীশ কল্যাণ ৰায় সুৰানা আৰু মৃদুল কুমাৰ কলিতাৰ খণ্ড বিচাৰপীঠে হামিদা বেগম নামৰ এগৰাকী মহিলাৰ আবেদন খাৰিজ কৰাৰ সময়ত এই মন্তব্য কৰে। অসম চৰকাৰে আদালতত দাখিল কৰা শপতনামাৰ তথ্য অনুসৰি, ২০২৬ চনৰ ৩০ জুনলৈকে ৰাজ্যখনত বিদেশী বুলি ঘোষণা কৰা ১,১৬,৯৪৬গৰাকী লোকক আটক আৰু বহিষ্কাৰ কৰা হোৱা নাছিল।

চৰাইদেউ জিলাৰ বাসিন্দা হামিদা বেগমক ২০১৮ চনৰ ডিচেম্বৰ মাহত বিদেশী ন্যায়াধিকৰণে অবৈধ বিদেশী বুলি ঘোষণা কৰিছিল। তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ত এই সিদ্ধান্তক প্ৰত্যাহ্বান জনাইছিল যদিও ২০২০ চনৰ অক্টোবৰত তেওঁৰ আবেদন খাৰিজ কৰা হয়।

পৰৱৰ্তী সময়ত সৰ্বোচ্চ ন্যায়ালয়েও ২০২৫ চনৰ নৱেম্বৰ মাহত তেওঁৰ আবেদন আৰু ২০২৬ চনৰ মাৰ্চ মাহত পুনৰীক্ষণ আবেদন খাৰিজ কৰে।

আদালতৰ তথ্য অনুসৰি, হামিদা বেগমক গোৱালপাৰাৰ ট্ৰেনজিট শিবিৰত ৰখা হৈছিল। তিনি বছৰ আটক হৈ থকাৰ পাছত সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাৰ আধাৰত তেওঁ জামিনত মুক্তি লাভ কৰিছিল। মুক্তিৰ পাছত তেওঁ নিয়মীয়াকৈ সংশ্লিষ্ট আৰক্ষী থানাত হাজিৰ হৈছিল। কিন্তু এনে হাজিৰাৰ সময়তে তেওঁক পুনৰ আটক কৰা হয়।

তেওঁৰ অধিবক্তাই পুনৰ জামিন বিচাৰিছিল। অৱশ্যে উচ্চ ন্যায়ালয়ে কয় যে বিদেশী ন্যায়াধিকৰণৰ সিদ্ধান্তৰ বিৰুদ্ধে উপলব্ধ সকলো আইনী পথ তেওঁ ইতিমধ্যে ব্যৱহাৰ কৰিছে আৰু ৰাজ্য চৰকাৰে এতিয়া তেওঁক বহিষ্কাৰৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে। সেয়েহে আদালতে আবেদনখন গ্ৰহণযোগ্য নহয় বুলি বিবেচনা কৰি খাৰিজ কৰে।