ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে তৈলনগৰী ডিগবৈতো উলহ-মালহেৰে উদযাপন কৰা হয় পৱিত্ৰ ষট্ পূজা।
ষট্ পূজা উপলক্ষে আজি সন্ধিয়া ডিগবৈ ভাচান পুখুৰীৰ পাৰলৈ অগণন ভক্তপ্ৰাণ ৰাইজৰ সমাগম ঘটে।
উল্লেখযোগ্য যে, এই পৱিত্ৰ উৎসৱত সকলো জাতি-জনগোষ্ঠী, ভাষা আৰু ধৰ্মাৱলম্বী লোকৰ স্বতঃস্ফূৰ্ত অংশগ্ৰহণে ডিগবৈত সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰে।
ইফালে, শ-শ পুৰুষ-মহিলাই অস্তগামী সূৰ্য দেৱতাক ভক্তিভাৱে অৰ্ঘ্য আগবঢ়াই দেশ আৰু জাতিৰ মংগল কামনাৰে পূজা-অৰ্চনা কৰে।
ভক্তিৰস, আধ্যাত্মিকতা আৰু সামাজিক সম্প্ৰীতিৰ অপূৰ্ব সমাহাৰেৰে ডিগবৈৰ ভাচান পুখুৰীৰ পাৰ হৈ পৰে এক আকৰ্ষণীয় ধৰ্মীয় মিলনভূমি।
newznow.in